ব্যৱসায়ীয়ে দীপাৱলীৰ বোনাছ হিচাপে কৰ্মচাৰীক দিলে ৰয়েল এনফিল্ড

তামিলনাডুৰ এজন ব্যৱসায়ীয়ে দীপাৱলীৰ বোনাছ হিচাপে ১৫ জন কৰ্মচাৰীক ৰয়েল এনফিল্ড বুলেট প্ৰদান কৰিছে। ব্যৱসায়ী শিৱকুমাৰে কোনো ভেদভাব নাৰাখি ড্ৰাইভাৰৰ পৰা মেনেজাৰলৈকে সকলোকে বোনাছ হিচাপে দিছে দুচকীয়া বাহন।

২০ বছৰতকৈও অধিক সময় ধৰি কোটাগিৰি অঞ্চলত থকা শিৱকুমাৰে ইয়াত এটা সম্পত্তি ক্ৰয় কৰি ফুলকবি, বিলাহী, বুটমাহ, ষ্ট্ৰবেৰী আদি ফল-মূলৰ খেতিত নিয়োজিত হৈ আছে।

শিৱকুমাৰে প্ৰতি বছৰে দীপাৱলীৰ সময়ত কৰ্মচাৰীক চমক হিচাপে বিশেষ উপহাৰ প্ৰদান কৰি আহিছে।

তেওঁ নিজৰ গাড়ী চালকৰ পৰা এষ্টেট মেনেজাৰলৈ ১৫ জন কৰ্মচাৰীক বাছনি কৰি তেওঁলোকৰ পছন্দৰ বাহনৰ বিষয়ে জানি ৰয়েল এনফিল্ড হিমালয়ান, ৰয়েল এনফিল্ড ক্লাছিক ৩৫০, ৰয়েল এনফিল্ড হাণ্টাৰ ৩৫০, ইয়ামাহা ৰে স্কুটাৰৰ দৰে ১৫ খন বাহন বুকিং কৰি দীপাৱলী বোনাছ হিচাপে উপহাৰ দিয়ে।

এই উপহাৰ লাভ কৰি কৰ্মচাৰীসকলে আনন্দত আত্মহাৰা হৈ পৰে।

ব্যৱসায়ী শিৱকুমাৰক এই সন্দৰ্ভত সোধাত তেওঁ কয়, ‘মই ভাবিছিলো যে আমাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা কৰ্মচাৰীসকলক আমি সুখী কৰি ৰাখিব লাগে, গতিকে থকাৰ ব্যৱস্থা, শিশুৰ শিক্ষা, চিকিৎসা ইত্যাদিৰ ক্ষেত্ৰত কোম্পানীয়ে অধিক গুৰুত্ব প্ৰদান কৰিছে।‘ তেওঁ লগতে কয়, ‘এইখিনি সময়ত মই আন উদ্যোগীসকলক এটা কথা ক’ব বিচাৰিছো, উদ্যোগী হিচাপে আমি আজি য’ত আছো তাৰ মূল কাৰণটো হ’ল আমাৰ কৰ্মচাৰীসকল। গতিকে সকলো ব্যৱসায়ীয়ে নিজৰ কৰ্মচাৰীক সুখী কৰি ৰাখি তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিলে কেৱল আপোনাৰ ব্যৱসায়ৰ উন্নতি হোৱাই নহয়, আপোনাৰ কৰ্মচাৰীসকলৰ জীৱনতো উন্নতি হ’ব আৰু সমাজখন আগবাঢ়ি যাব।‘

Comments (0)
Add Comment