গেছ চেম্বাৰত পৰিণত হৈছে দেশৰ ৰাজধানী দিল্লী। বায়ুৰ গুণাগুণ বা AQI ৪০০ অতিক্ৰম কৰাত ভয়াৱহ প্ৰদূষণৰ পৰিস্থিতিয়ে আৰু অধিক উদ্বেগৰ সৃষ্টি কৰিছে।
কেৱল দিল্লীয়ে নহয় বিশ্বৰ ১০খন প্ৰদূষিত চহৰৰ তালিকাত আছে ভাৰতৰ আৰু দুখন চহৰ। চহৰ দুখন হৈছে কলকাতা আৰু মুম্বাই।
চুইজাৰলেণ্ডৰ গ্ৰুপ আইকিউএয়াৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৫ নৱেম্বৰ অৰ্থাত আজিৰ দিনটোত দিল্লী হৈছে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ। দিল্লীৰ AQI হৈছে ৪৮৩।
বিগত এসপ্তাহ ধৰি দিল্লীৰ প্ৰদূষণ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত ৰাজধানীৰ প্ৰাথমিক বিদ্যালয়সমূহ ১০ নৱেম্বৰলৈকে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।
দিল্লীৰ বিভিন্ন অঞ্চলৰ ভিতৰত সৰ্বাধিক প্ৰদূষণ শাদিপুৰ চহৰত হৈছে। ইয়াত AQI হৈছে ৪৯২।
ইফালে বায়ুৰ গুণাগুণ মান ৩৭১ৰ সৈতে এই তালিকাৰ দ্বিতীয় স্থানত আছে পাকিস্তানৰ লাহোৰ। ভৰতৰ কলকাতা আছে তৃতীয় স্থানত। কলকাতাৰ AQI হৈছে ২০৬।
তালিকাৰ চতুৰ্থ স্থানত বাংলাদেশৰ ঢাকা আৰু পঞ্চম স্থানত আছে পাকিস্তানৰ কৰাচী। তালিকাৰ ষষ্ঠ স্থানত আছে মুম্বাই। মুম্বাইৰ AQI হৈছে ১৬২।
বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ১০ খন চহৰৰ তালিকাত চীনৰ তিনিখন চহৰ আৰু কৱেইট চহৰো আছে।