পঞ্জাৱৰ মোগাৰ অজিতোৱাল চহৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ফাজিলকাৰ গাঁও ফৌজাৰ পৰা লুধিয়ানাৰ বডদোৱাললৈ গৈ থকা বৰযাত্ৰীৰ এখন গাড়ীয়ে পথত ৰৈ থকা এখন ট্ৰাকক খুন্দিয়ায়।
পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাত দৰা সুখবিন্দৰ সিংসহ চাৰিজনৰ মৃত্যু হয়।
জানিব পৰা মতে, দুৰ্ঘটনাটোত দুজন লোকৰ থিতাতে মৃত্যু হয় আৰু বাকী দুজনৰ জগৰাও চিকিৎসালয়ত মৃত্যু ঘটে। গুৰুতৰভাৱে আহত দুজনৰ চিকিৎসা চলি আছে।
উল্লেখ্য যে মৃত সুখৱিন্দৰ সিঙে ৰং-তুলিকাৰ কাম কৰিছিল। এই ঘটনাত মৃত্যু হয় সুখবিন্দৰ সিঙৰ দুই ভগ্নী আৰু এজন ভাতৃ।
পৰিয়ালৰ কনিষ্ঠ পুত্ৰ সুখৱিন্দৰ সিঙে বডদোৱাললৈ বিয়া কৰাবলৈ যোৱাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
ইফালে অজিতোৱাল থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক গুৰমেল সিঙে ট্ৰাক চালকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
ইফালে যেতিয়া, জোড়কি আন্ধেৱালী গাঁও আৰু দৰাৰ পৈত্ৰিক গাঁও ওঝাৱালীয়ে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে শোকৰ ছা পৰে।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি আজি পুৱা ৬ বজাৰ ভিতৰত বৰযাত্ৰী ঘৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছিল আৰু সন্ধিয়া পাৰ্টিৰো আয়োজন কৰিছিল। কিন্তু সকলো আনন্দ ফুৰ্তি নিমিষতে শোকলৈ পৰিণত হৈছে।