সোমবাৰে নিশা গোৱালপাৰা জিলাত আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত দুজন সন্দেহযুক্ত ডকাইতৰ মৃত্যু হৈছে। মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত এজন আৰক্ষী বিষয়াও আহত হয়।
আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে আগিয়া থানাৰ অন্তৰ্গত নিচিন্তা গাঁৱৰ সমীপত দুয়োজন ডকাইতে খাপ পিটি থকাৰ তথ্য লাভ কৰে।
লগে লগে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত আগিয়া আৰক্ষীয়ে দুয়োজন ডকাইতৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ উপস্থিতিৰ উমান পাই ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।
প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত নিহত হয় দুয়োজন দুধৰ্ষ ডকাইত। নিহত ডকাইত দুজন অমৰ থাপা আৰু ফৰিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
ইফালে এই ঘটনাত আগিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাস আহত হয়।
নিহত অমৰ থাপা এগৰাকী কুখ্যাত অপৰাধী আছিল। অসমৰ লগতে মেঘালয়ত কেইবাটাও অপহৰণ, ডকাইতি কাণ্ডৰ সৈতে জৰিত আছিল অমৰ থাপা।
পূৰ্বতেও আৰক্ষীৰে হোৱা সংঘৰ্ষত গুলীবিদ্ধ হৈ আহত হৈছিল অমৰ থাপা।
এনকাউণ্টাৰৰ পিছত ঘটনাস্থলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটাকৈ পিষ্টল আৰু গুলী। লগতে জব্দ ডকাইত দুটাই ব্যৱহাৰ কৰা ML- 06 5958. নম্বৰৰ বলেৰ’ বাহনখনো জব্দ কৰে।