ভোটদান কৰিবলৈ গৈ কিয় উভতি আহিল মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগা ?

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আইজল উত্তৰ-২ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯-আইজল ভেঙ্গালাই-১ ৱাইএমএ হল ভোটকেন্দ্ৰত উপস্থিত হৈ মিজোৰাম বিধানসভাৰ আজি অনুষ্ঠিত নিৰ্বাচনত ভোটদান কৰিবলৈ গৈ ভোটদান কেন্দ্ৰৰ পৰা উভতি আহিব লগীয়া হয় । ভোটগ্ৰহণ কেন্দ্ৰটোত ই ভি এমৰ বিজুতিৰ বাবে ভোটদান কৰিব নোৱাৰিলে মুখ্যমন্ত্রী গৰাকীয়ে ।
এই সন্দৰ্ভত মুখ্যমন্ত্রী গৰাকীয়ে কয় যে “যন্ত্ৰটোৱে কাম কৰা নাছিল, সেয়েহে মই এতিয়া মোৰ সমষ্টিপৰিদৰ্শন কৰিম আৰু তাৰ পাচতহে ভোট দিম,” ।
মিজোৰাম কংগ্ৰেছৰ মুৰব্বী লালচাৱতাই আইজলৰ মিছন ৱেংথলাঙৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে।
নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি লালচাৱতাই কয়,
“চৰকাৰ গঠনৰ বাবে এটা দলক ২১ খন আসনৰ প্ৰয়োজন। আমি আশাবাদী যে আমি ইয়াতকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হ’ম। মই ভাবো আমাৰ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব।”


মিজোৰামৰ ৰাজ্যপাল হৰি বাবু কামভাম্পতীয়ে আইজল দক্ষিণ-২ৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে। ৰাজ্যপাল গৰাকীয়ে সংবাদমাধ্যমৰ সন্মুখত কয় যে, “মই মিজোৰামৰ সকলো লোকক ভোট দিবলৈ আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰি গণতন্ত্ৰক শক্তিশালী কৰিবলৈ অনুৰোধ কৰিছো। মই ভাবো মিজোৰামৰ লোকসকল তেওঁলোকৰ অধিকাৰৰ বিষয়ে ভালদৰে অৱগত”।
উল্লেখ্য যে , মিজোৰামত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৮,৫১,৮৯৫ গৰাকী । ইয়াৰ ভিতৰত ৪,১২,৯৬৯ গৰাকী পুৰুষ, ৪,৩৮,৯২৫ গৰাকী মহিলা আৰু এজন তৃতীয় লিংগৰ ভোটাৰ।
৪০ জনীয়া মিজোৰাম বিধানসভাত একমাত্র ৰাজ্য য’ত কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি (বিজেপি) প্ৰাথমিক প্ৰতিদ্বন্দী নহয়।
২০১৮ বৰ্ষৰ বিধানসভা নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্টে (এমএনএফ) ৩৭.৮ শতাংশ ভোটৰ সৈতে ২৬ খন আসন লাভ কৰে আৰু কংগ্ৰেছ চৰকাৰক পৰাস্ত কৰি বিজয়ী হয় মিজো নেচনেল ফ্ৰণ্ট।
২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে পাঁচখন আসন লাভ কৰাৰ লগতে বিজেপিয়ে এখন আসন লাভ কৰিছিল ।

Comments (0)
Add Comment