মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলৰ কনভয়ৰ খুন্দাত এজন লোক নিহত হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়।
কেন্দ্রীয় মন্ত্রী তথা বিজেপি প্রার্থী প্রহ্লাদ পেটেলে গৈ থকা গাড়ীয়ে খুন্দা মৰাৰ ফলত এজন মটৰ চাইকেল আৰোহী নিহত হোৱাৰ লগতে তেওঁৰ দুই পুত্র আহত হয়৷
এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তে মন্ত্ৰীগৰাকীয়ে ছিণ্ডৱাৰাৰ পৰা নৰসিংপুৰ অভিমুখে গৈ আছিল। বিষয়াসকলৰ মতে, এই দুৰ্ঘটনাত আৰু এজন লোক আহত হয়।
‘সিংহড়ি বাইপাছৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক আহত হয়। আহতসকলক নাগপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে’, এগৰাকী শীৰ্ষ বিষয়াই জনায়।
বিষয়াগৰাকীয়ে লগতে কয় যে মৃত লোকজন ৩৫ বছৰীয়া নিৰঞ্জন চন্দ্ৰবংশী বুলি চিনাক্ত কৰা হৈছে। তেওঁ নিজৰ দুই পুত্ৰ সংস্কাৰ আৰু নিখিলৰ সৈতে বাইকত আহি আছিল।
উল্লেখ্য যে, মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰহ্লাদ সিং পেটেলে বিজেপিৰ হৈ নৰসিংপুৰ সমষ্টিৰ পৰা পাৰ্থিত্ব আগবঢ়াইছে।