দেশজুৰি মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে NIA ৰ অভিযান । বৰাকত কেইবাজনকো আটক । NIA ৰ জালত ৰোহিংগীয়া মুছলমান।

দেশজুৰি চলিছে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে NIA ৰ অভিযান । বুধবাৰে পুৱাৰে পৰা অসম, ত্রিপুৰা, পশ্চিমবংগ, কৰ্ণাটক, তামিলনাডু, তেলেংগানা, হাৰিয়ানা, ৰাজস্থান, জম্মু-কাশ্মীৰ আৰু পুডুচেৰীৰ ৪০ টা স্থানত চলিছে এই অভিযান ।
এন আই এ য়ে পুৱাৰেপৰা চলোৱা এই অভিযানৰ সময়ত অসমৰ বৰাক উপত্যকাৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ অনা হৈছে ।

NIA য়ে জম্মু কাশ্মীৰত চলোৱা অভিযানৰ সময়ত জাফৰ আলম নামৰ এটা ৰোহিংগীয়াক আটক কৰে । মানৱ সৰবৰাহৰ ঘটনাৰ লগত জৰিত থকাৰ সন্দহত আন এটা ৰোহিংগীয়াৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

মানৱ সৰবৰাহৰ লগত জৰিত থকাৰ অভিযোগত NIA য়ে দেশৰ বিভিন্ন স্থানৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে ।

Comments (0)
Add Comment