মহিলাক লৈ কৰা বিদ্বেষমূলক মন্তব্যৰ বাবে ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে। ISHAN NEWS…

অৱশেষত ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে । নিজ ৰাজ্যত জন্মহাৰ নিয়ন্ত্ৰণৰ কাৰণ ব্যাখ্যা কৰাৰ সময়ত বিদ্বেষমূলক মন্তব্য কৰাৰ অভিযোগ উণ্থাপন হৈছিল নীতিশ কুমাৰৰ বিৰুদ্ধে । এই মন্তব্যক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ। তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈ ক্ষমা খোজে মুখ্যমন্ত্রী নীতিশ কুমাৰে । বুধবাৰে বিহাৰ বিধানসভাত ভাষণ দি নীতিশে কুমাৰে কয়, “মই দুখিত। মই যি কৈছিলো সেয়া উঠাই লৈছো । যদি মই ভুল কৰো, মই ক্ষমা বিচাৰোঁ। একে সময়তে বিহাৰৰ মুখ্যমন্ত্রীগৰাকীয়ে কয়, “যদি কোনোৱে এই মন্তব্যৰ বাবে দুখ পাইছে তাৰ বাবে মই দুখিতঃ এই মন্তব্য মই প্ৰত্যাহাৰ কৰিছোঁ।

বিহাৰৰ আৰজেডি-জেডি(ইউ) মিত্ৰজোঁট চৰকাৰে মঙলবাৰে বিহাৰ বিধানসভাত জাতি জৰীপৰ প্ৰতিবেদন উত্থাপন কৰিছিল। সেইসময়ত বিধানসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৈছিল বিহাৰৰ জন্মৰ হাৰ ৪.২ ৰ পৰা ২.৯ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ কাৰণ ব্যাখ্যা কৰি ছোৱালীৰ শিক্ষাৰ গুৰুত্ব সম্পৰ্কে নীতি‌শ কুমাৰে কৰা মন্তব্যই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল । বিজেপিকে ধৰি বিহাৰৰ বিৰোধী দলসমূহে নীতিশ কুমাৰৰ মন্তব্যক “আপত্তিজনক” আৰু “অশালীন” বুলি অভিহিত কৰে।

ইয়াৰ বিপৰীতে নীতিশ কুমাৰে কয়, “মই সদায় বিশ্বাস কৰি আহিছো যে জন্মৰ হাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত শিক্ষা এক গুৰুত্বপূৰ্ণ কাৰক। মোৰ মন্তব্যই কাকো আঘাত কৰা নাছিল। মই সদায় মহিলা সৱলীকৰণ আৰু বিকাশত গুৰুত্ব দি আহিছো। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী আৰু লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ নীতিশৰ সমৰ্থনত ওলাই আহিছে। তেজস্বী যাদৱে কয় যে , নীতিশ কুমাৰে বিদ্যালয়সমূহত যৌন শিক্ষাৰ প্রয়োজনীয়তাৰ বিষয়ে ক’ব খুজিছিল ।

Comments (0)
Add Comment