আপুনি কিমান তললৈ নামিব? নিতীশ কুমাৰৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ

বিহাৰ বিধানসভাত জন্ম নিয়ন্ত্ৰণ সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বক্তব্যক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মিত্ৰজোঁটৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে।
তেওঁ কয় যে যিসকল মানুহে নাৰীৰ বিষয়ে এনেদৰে চিন্তা কৰে, তেওঁলোকে আপোনাৰ বাবে কিবা ভাল কাম কৰিব পাৰেনে?
বুধবাৰে মধ্যপ্ৰদেশৰ গুনাত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, ‘আপোনালোকে নিশ্চয় বাতৰি কাকত আৰু টিভিত এটা ঘটনা দেখিছে। অহংকাৰী মিত্ৰজোঁটৰ এইজন অতি ডাঙৰ নেতা, যিজনে বৰ্তমানৰ চৰকাৰখনক উফৰাই পেলাবলৈ সকলো ধৰণৰ খেল খেলি আছে। সেই নেতাগৰাকীয়ে বিধানসভাৰ ভিতৰত মাতৃ-ভগ্নীৰ উপস্থিতিত এনে অশ্লীল ভাষাত মন্তব্য কৰিছে যিটো কল্পনাও কৰিব নোৱাৰি। লাজো নালাগিল তেওঁৰ’।
বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক সমালোচনা কৰি তেওঁ আৰু কয় যে এই অশ্লীল মন্তব্য সন্দৰ্ভত মিত্ৰজোঁটৰ এজনো নেতাই এটা শব্দও উচ্চাৰণ কৰা নাই।‘
মোদীয়ে জনসাধাৰণক প্ৰশ্ন কৰে যে যিসকলৰ মাতৃ-ভগ্নীৰ প্ৰতি এনে মনোভাৱ আছে, তেওঁলোকে কেতিয়াবা আপোনাৰ কিবা উপকাৰ কৰিব পাৰিবনে?
দেশৰ বাবে দুৰ্ভাগ্য বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে যে আপুনি কিমান তললৈ নামিব? আপুনি দেশক অপমানিত কৰিছে।
মোদীয়ে লগতে কয় যে মই মাতৃ-ভগ্নীক সন্মান জনোৱাৰ বাবে যি কৰিব পাৰো তাৰ পৰা পিছুৱাই নাহো।
উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মঙলবাৰে বিধানসভাত যৌন সম্পৰ্কৰ ফলত গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ সহায়ক হোৱাৰ বাবে মহিলাসকলক শিক্ষিত কৰা উচিত বুলি কৈছিল।

Comments (0)
Add Comment