ডিব্ৰুগড়ত সংঘটিত হৈছে এক কৰুণ ঘটনা। বুধবাৰে পুৱা ডিব্ৰুগড়ৰ মোহানাঘাট অঞ্চলত পিণ্ড দান (বিদেহী আত্মাক শ্ৰদ্ধাঞ্জলি) কৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত ডুব যায় দুই ভাতৃ।
ছমাহ পূৰ্বে মৃত্যু হোৱা মাতৃক পিণ্ড দান কৰিবলৈ যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হয়।
মৰ্মান্তিক ঘটনাটোত মৃত্যু হোৱা ভাতৃদ্বয়ক ক্ৰমে দিগন্ত কাকতি আৰু অনন্ত কাকতি বুলি চিনাক্ত কৰিছে। তেওঁলোক ডিব্ৰুগড়ৰ আমোলাপট্টি অঞ্চলৰ বাসিন্দা আছিল।
জানিব পৰা অনুসৰি, দিগন্তই পিণ্ড দিবলৈ যাওঁতে নদীৰ গভীৰ পানীত পৰি যায় আৰু লগে লগে তেওঁৰ সৰু ভায়েক অনন্তই তেওঁক উদ্ধাৰ কৰিবলৈ নদীত জাপ দিয়ে আৰু তাৰ পিছতে দুয়োজন নিৰুদ্দেশ হয়।
ডিব্ৰুগড়ৰ মোহানাঘাট অঞ্চলত পুৱা ৮.৪৫ বজাত এই ঘটনা সংঘটিত হয়। ইফালে এছ ডি আৰ এফে ভাতৃদ্বয়ক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।
দিগন্ত কাকতি বিবাহিত আৰু দুটি কন্যা সন্তান থকাৰ বিপৰীতে অনন্ত অবিবাহিত আছিল।
‘তেওঁলোকৰ লগত এজনী সৰু ছোৱালী আহিছিল আৰু ছোৱালীজনীয়ে গোটেই ঘটনাটোৰ খবৰ দিছিল। এই দুখজনক ঘটনাৰ প্ৰত্যক্ষদৰ্শী ছোৱালীজনী’, এইদৰে কয় এজন আৰক্ষী বিষয়াই।