বেন ষ্ট’কছে ৰচিলে ইতিহাস; আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই অভিলেখ গঢ়া ইংলেণ্ডৰ প্ৰথম

বুধবাৰে ইংলেণ্ডে নেদাৰলেণ্ডক ১৬০ ৰানত পৰাস্ত কৰি বিশ্বকাপত নিজৰ দ্বিতীয়টো বিজয় সাব্যস্ত কৰে। এই জয়ৰ নায়ক আছিল বেন ষ্ট’কছ। তেওঁ ৬টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৮৪টা বলত ১০৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল।

ষ্ট’কছৰ শতকৰ সহায়ত ইংলেণ্ড দলটোৱে ৫০ অ’ভাৰত ৯ উইকেটত ৩৩৯ ৰান সংগ্ৰহ কৰিবলৈ সফল হয়।

ইয়াৰ পিছত নেদাৰলেণ্ডৰ দলটোৱে ৩৭.২ অ’ভাৰত মাত্ৰ ১৭৯ ৰানহে কৰিবলৈ সক্ষম হৈছিল। মঈন আলী আৰু আদিল ৰাছিদে ৩টাকৈ উইকেট দখল কৰে। প্লেয়াৰ অৱ দ্য মেচ লাভ কৰে ষ্ট’কছে।

ইফালে এই মেচখনত ষ্ট’কছে এক অভিলেখ গঢ়িবলৈও সক্ষম হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০ হাজাৰ ৰান সংগ্ৰহ কৰাৰ লগতে ১০০ৰো অধিক উইকেট লাভ কৰা ইংলেণ্ডৰ একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে ষ্ট’কছ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ১০,০৮১ ৰান সংগ্ৰহ কৰিছে ষ্ট’কছে।

ষ্ট’কছৰ উপৰি এই বিশেষ কৃতিত্ব গঢ়া আন ক্ৰিকেটাৰসকল হ’ল তিলকাৰত্নে দিলছান, সৌৰভ গাংগুলী, শচীন টেণ্ডুলকাৰ, জেক কালিছ আৰু সনথ জয়সূৰিয়া।

২০১১ চনত এদিনীয়াত অভিষেক ঘটা বেন ষ্ট’কছে ১১৩খন মেচত মুঠ ৩,৩৭৯ ৰান সংগ্ৰহ কৰিছে। এই পৰ্যন্ত এদিনীয়া মেচত মুঠ ৭৪টা উইকেট দখল কৰিছে ষ্ট’কছে।

টেষ্টত ষ্ট’কছে ১৩টা শতক আৰু এটা ডাবল শতকেৰে ৯৭খন মেচত মুঠ ৬১১৭ ৰান সংগ্ৰহ কৰিছে। টেষ্টত মুঠ ১৯৭টা উইকেট দখল কৰিছে ষ্ট’কছে।

আনহাতে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ষ্ট’কছৰ নামত ৫৮৫ ৰান আৰু মুঠ ২৬ উইকেট আছে।

উল্লেখ্য যে, ষ্ট’কছক বিশ্বৰ অন্যতম সৰ্বশ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ হিচাপে গণ্য কৰা হয়।

Comments (0)
Add Comment