‘ভাই আৰু নাই, এই কথা দেউতাক নজনাব’, ভগ্নীৰ কথা শুনি আবেগিক হৈ পৰিল সকলো

উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৫ৰো অধিক লোক আহত হয়।

স্থানীয় লোকে আটাইকেইজন আহতক চিকিৎসালয়লৈ লৈ যায় যদিও একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা বাহনখনত আছিল ভাতৃ-ভগ্নী। দুৰ্ঘটনাটোত ভাতৃয়ে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে ভগ্নীৰ প্ৰাণ ৰক্ষা পৰে।

ভাতৃৰ মৃত্যু নিশ্চিত হোৱাৰ পিছত ভগ্নীয়ে ঘটনাস্থলত উপস্থিত থকা লোকসকলক অতি আবেগিকবাৱে ভাতৃৰ মৃত্যুৰ খবৰ পৰিয়ালক অৱগত নকৰিবলৈ অনুৰোধ জনায়।

কাৰণ হিচাপত ভগ্নীয়ে উল্লেখ কৰে যে তেওঁলোকৰ পিতৃ যথেষ্ট অসুস্থ আৰু এই অৱস্থাত যদি ভাতৃৰ মৃত্যুৰ খবৰ পায় তেন্তে আন এক অঘটন হোৱাৰ সম্ভাৱনা আছে।

ভনীয়েকৰ এই আহ্বান তথা আবেগিক কথা শুনি ঘটনাস্থলত উপস্থিত থকা লোকসকলৰ দুগালে দুধাৰি লোটক বৈ আহে।

দুৰ্ঘটনাটোত পতিত অধিকাংশ লোক একে জিলাৰে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, নিহত আটাইকেইজনৰ পৰিয়ালক দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ জগদীশপুৰ অঞ্চলত বৃহস্পতিবাৰে গভীৰ নিশা তীব্ৰবেগী ট্ৰাক আৰু এখন বাছৰ সংঘৰ্ষত ৬ জন লোকে প্ৰাণ হেৰুৱাই আৰু ২৭ জন লোক আহত হয়।

এই ভয়ানক দুৰ্ঘটনাটো গোৰখপুৰ-কুশনগৰ ঘাইপথত সংঘটিত হৈছিল।

Comments (0)
Add Comment