উত্তৰ প্ৰদেশৰ জগদীশপুৰ অঞ্চলত বৃহস্পতিবাৰে গভীৰ নিশা তীব্ৰবেগী ট্ৰাক আৰু এখন বাছৰ সংঘৰ্ষত ৬ জন লোকে প্ৰাণ হেৰুৱাই আৰু ২৭ জন লোক আহত হয়।
এই ভয়ানক দুৰ্ঘটনাটো গোৰখপুৰ-কুশনগৰ ঘাইপথত সংঘটিত হৈছে। ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে।
খবৰ পোৱাৰ লগে লগে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
এই দুৰ্ঘটনাটোত ৬ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ২৩ জন লোক চিকিৎসাধীন হৈ আছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বহু আহত লোকৰ অৱস্থা সংকটজনক। নিহত চাৰিজন শৈলেশ পেটেল, সুৰেশ চৌহান, নিতেশ সিং আৰু হিমাংশু যাদৱ বুলি চিনাক্ত হোৱাৰ বিপৰীতে বাকী দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিব দিয়া মতে, গোৰখপুৰৰ পৰা কমেও ৩০ জন যাত্ৰী কঢ়িয়াই অনা এখন ব্যক্তিগত বাছ পৰৌনা অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়।
বিষয়াজনে আৰু কয়, ‘গোৰখপুৰ-কুশনগৰ ঘাইপথৰ জগদীশপুৰৰ সমীপত বাছখনৰ এটা টায়াৰ পাংচাৰ হৈ যায়। চালকজনে বাছখন ঘাইপথৰ কাষত ৰখাই যাত্ৰীসকলক গন্তব্যস্থানলৈ প্ৰেৰণ কৰিবলৈ আন এখন বাছ মাতি পঠিয়াই। যাত্ৰীসকল আন এখন বাছত উঠিবলৈ যাওঁতে পিছফালৰ পৰা এখন তীব্ৰবেগী ট্ৰাকে গাড়ীখনত খুন্দা মাৰে। এই সংঘৰ্ষ ইমানেই প্ৰবল আছিল যে থিতাতে প্ৰাণ হেৰুৱাইছিল ৬ জন যাত্ৰীয়ে।‘
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালকজন ঘটনাস্থলৰ পৰা পলায়ন কৰে। দোষী চালকজনক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে।
ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত চালকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আন এজন বিষয়াই জানিবলৈ দিয়ে।