দোকানত ভয়ংকৰ অগ্নিকাণ্ড; এটা পৰিয়ালৰে তিনিগৰাকী লোকৰ মৃত্যু

ঝাৰখণ্ডৰ ধনবাদত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কেন্দুৱা বজাৰৰ এখন দোকানত অগ্নিকাণ্ড সংঘটিত হৈ একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হয়।

এই দুৰ্ঘটনাত প্ৰায় ছয়জন লোকো আহত হৈছে। তথ্য অনুসৰি কেন্দুৱা বজাৰৰ তলৰ মহলাত এটা জেনেৰেল ষ্ট’ৰত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ পিছত ওপৰৰ মহলাত জুই আৰু ধোঁৱাই আৱৰি ধৰে।

ইয়াৰ ফলত এটি শিশুসহ দুগৰাকী মহিলাৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

জেনেৰেল ষ্ট’ৰত সংঘটিত হোৱা অগ্নিকাণ্ডই নিমিষতে ওপৰৰ মহলাকো আগুৰি ধৰে। উপৰ মহলাত একেটা পৰিয়ালৰ ৯ জন লোক আছিল।

ভয়ংকৰ জুইৱে আৱৰি ধৰাত স্থানীয় লোকে আৱদ্ধ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলায়। সকলোকে নিৰাপদে উদ্ধাৰ কৰাৰ সময়লৈকে ইতিমধ্যেই শ্বাসৰুদ্ধ হৈ তিনিজন লোকৰ মৃত্যু হৈছিল।

মৃত লোককেইজনৰ ভিতৰত দুগৰাকী মহিলা আৰু এটি চাৰি বছৰীয়া ছোৱালী।

Comments (0)
Add Comment