উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত ৬গৰাকী বন্ধুৱে কৰুণ মৃত্যুক আকোৱালি লয়। ইয়াত দিল্লী-ডেৰাডুন ঘাইপথৰ ছাপাৰৰ সমীপত তীব্ৰবেগী চিয়াজ গাড়ী এখনে পিছফালৰ পৰা ২২ চকীয়া এখন ট্ৰাকত খুন্দা মাৰে।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে চাৰিচকীয়া গাড়ীখনত থকা আটাইকেইজন বন্ধুৰে মৃত্যু হয়।
স্থানীয় লোকে জনোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ গাড়ীৰ পৰা মৃতদেহবোৰ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।
মঙলবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত ট্ৰাকখনে মুজফ্ফৰনগৰৰ পৰা হৰিদ্বাৰলৈ গৈ থকা অৱস্থাত চাৰিচকীয়া বাহনখনে পিছফালৰ পৰা ট্ৰাকখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
মৃতলোকসকল দিল্লীৰ শাহদৰা নিবাসী।
জানিব পৰা মতে, বন্ধু কেইজনে দিল্লীৰ পৰা হৰিদ্বাৰলৈ ফুৰিবলৈ যোৱাৰ সময়তে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।