আৱাসিক অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; এগৰাকী মহিলাৰ মৃত্যু, অট্টালিকাৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা বহু লোকৰ

দিল্লীৰ শকৰপুৰ অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এগৰাকী মহিলাই কৰুণ মৃত্যুক আকোৱালি লয়। অগ্নিনিৰ্বাপক বাহিনীয়ে এবছৰীয়া শিশুসহ ২৬ জন লোকক জীৱন্তে উদ্ধাৰ কৰে।
সোমবাৰে গভীৰ নিশা পূব দিল্লীৰ শকৰপুৰ অঞ্চলৰ এটা আৱাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোত প্ৰায় ৬০ জন লোক আছিল।
অগ্নিনিৰ্বাপক বাহিনীৰ লোকে কয়, ‘অট্টালিকাটোত ৬০ জনতকৈ অধিক লোক আছিল… অট্টালিকাটোৰ পৰা জপিয়াই বহু লোকে নিজৰ জীৱন ৰক্ষা কৰিছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ ২৬ জন লোকক উদ্ধাৰ কৰি জুই নিয়ন্ত্ৰণ কৰে।‘
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত গোটেই অট্টালিকাটোত আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।
তথ্য লাভ কৰাৰ লগে লগে, অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
অগ্নিনিৰ্বাপক বাহিনীৰ লোকে কয় যে কেইবা ঘণ্টাৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ অনা হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে অট্টালিকাৰ খিৰিকীৰ কাষত জখলা এডাল ৰাখি এজন এজনকৈ লোকক উদ্ধাৰ কৰে।

Comments (0)
Add Comment