মণিপুৰত আছাম ৰাইফলছৰ জোৱানৰ ওপৰত ভয়ংকৰ আক্ৰমণ। বৃহস্পতিবাৰে পুৱা পেট্ৰ’লিঙৰ বাবে যোৱা নিৰাপত্তাৰক্ষীৰ দলটোক লক্ষ্য কৰি উগ্ৰপন্থীয়ে আই ই ডি বিস্ফোৰণ কৰে।
আই ই ডি বিস্ফোৰণৰ পিছতে উগ্ৰপন্থীয়ে অসম ৰাইফলছৰ দলটোৰ ওপৰত ধাৰাসাৰ গুলীচালনা কৰে।
মণিপুৰৰ টেংনৌপাল জিলাৰ চাইবোল অঞ্চলত এই আক্ৰমণ সংঘটিত কৰে উগ্ৰপন্থীয়ে। নিয়মীয়া টহল দি থকা অৱস্থাত ভাৰতীয় সেনাৰ অসম ৰাইফলছৰ জোৱানসকল আক্ৰমণৰ বলি হয়।
জানিব পৰা মতে, উগ্ৰপন্থীয়ে প্ৰথমে আই ই ডি বিস্ফোৰণ সংঘটিত কৰে। ইয়াৰ পিছতে সেনাৰ বাহনত গুলীচালনা আৰম্ভ কৰে। বিষয়াসকলৰ মতে, উগ্ৰপন্থীৰ এই আক্ৰমণত এজনো জোৱান আহত হোৱা নাছিল, কাৰণ সকলোৱেই ‘মাইন প্ৰটেক্টেড ভেহিকেল’ (লেণ্ডমাইন আক্ৰমণৰ পৰা ৰক্ষা কৰা বাহন)ত যাত্ৰা কৰিছিল।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এজন বিষয়াই কয়, ‘এই আক্ৰমণৰ প্ৰত্যুত্তৰত আমাৰ জোৱানেও উগ্ৰপন্থীসকলৰ ওপৰত গুলীচালনা কৰে। সেনাৰ আক্ৰমণৰ পিছতে তেওঁলোকে সেই স্থানৰ পৰা পলায়ন কৰে। বৰ্তমান সমগ্ৰ অঞ্চলটোতে অনুসন্ধান অভিযান চলি আছে।
বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাত এই আক্ৰমণ সংঘটিত হয় বুলি সেনাৰ তৰফৰ পৰা জনোৱা হৈছে।