নিৰাপত্তাৰক্ষীৰ সফল অভিযান; পাঁচজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে বৃহস্পতিবাৰৰ পৰা চলি থকা সংঘৰ্ষত ৫জন সন্ত্ৰাসবাদী নিহত হৈছে। এই অভিযান অন্তিম পৰ্যায়ত আছে বুলি জানিবলৈ দি নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰিচয় জানিব জানিব পৰা হোৱা নাই বুলি জানিবলৈ দিয়ে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে বিয়লি কুলগাম জিলাৰ ডি এইচ পোৰা অঞ্চলৰ ছামনো পকেটত সংঘটিত হয় এই এনকাউণ্টাৰ।

‘কুলগাম আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত পাঁচজন সন্ত্ৰাসবাদী নিহত হৈছে। ঘটনাস্থলৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ হৈছে। অভিযান অন্তিম পৰ্যায়ত আছে’, কাশ্মীৰ আৰক্ষীয়ে এক্স (টুইটাৰ)ৰ জৰিয়তে জনায়।

আৰক্ষী প্ৰধান পৰিদৰ্শক বিধি কুমাৰ বিৰ্ডীয়ে সংবাদ সংস্থা এএনআইক জনোৱা মতে এই পাঁচজন সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবা গোটৰ হ’ব পাৰে।

কুলগামত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰি অঞ্চলটোত অভিযান আৰম্ভ কৰে। অনুসন্ধান অভিযানৰ সময়ত এজন সন্ত্ৰাসবাদীয়ে এটা ঘৰৰ পৰা গুলীচালনা কৰে, তাৰ পিছত এনকাউণ্টাৰ সংঘটিত হয়।

কালিৰ পৰা চলোৱা অভিযান আজি প্ৰায় অন্ত পৰে।

Comments (0)
Add Comment