গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰত ইজৰাইলৰ বিমান আক্ৰমণত ১৮ জন লোক নিহত হৈছে। পেলেষ্টাইনী ৱাফা সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি আৱাসিক অট্টালিকাক লক্ষ্য কৰি কৰা আক্ৰমণত কমেও ১৮ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হৈছে।
পেলেষ্টাইনৰ ৱাফা সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি জাবালিয়াৰ কাষৰ ফালৌজাক লক্ষ্য কৰি ইজৰাইলৰ বিমান আক্ৰমণত আৰু তিনিজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়।
উল্লেখ্য যে বিগত ৪২ দিন ধৰি ইজৰাইলে হামাছক নিৰ্মূল কৰিবলৈ গাজাত বিমান আক্ৰমণ চলাই আহিছে। ইয়াৰ বাবেই গাজা ষ্ট্ৰিপত নিহত পেলেষ্টাইনীৰ সংখ্যা ১১ হাজাৰ ৫০০ লৈ বৃদ্ধি পাইছে।
ইয়াৰ ভিতৰত আছে প্ৰায় ৪,৭১০ শিশু আৰু ৩১৬০ গৰাকী মহিলা। ইজৰাইলৰ এই কার্যক লৈও বহু দেশেই আপত্তি প্রকাশ কৰি যুদ্ধবিৰতিৰ দাবী উত্থাপন কৰিছে৷
অৱশ্যে এই সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মতামত সম্পূৰ্ণ বিপৰীত। তেওঁ কয় যে হামাছক নিৰ্মূল নকৰালৈকে এই যুদ্ধ চলি যাব।
সম্প্ৰতি ইজৰাইলে গাজাক সম্পূৰ্ণ শক্তিৰে আক্ৰমণ কৰি আছে। ইফালে যুদ্ধৰ দ্বিতীয় পৰ্যায়ত ইজৰাইলৰ সেনাই গাজা ষ্ট্ৰিপত প্ৰৱেশ কৰি হামাছৰ বিৰুদ্ধে অভিযান চলাই আছে।
উল্লেখ্য যে, আজিৰ পৰা ৪ দিন পূৰ্বে (১৩ নৱেম্বৰ) উত্তৰ গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰত আক্ৰণমণ কৰা বুলি পেলেষ্টাইনে দাবী কৰিছিল। সেই সময়ত ইজৰাইলে চলোৱা বিমান আক্ৰমণত কমেও ৩১জন লোকক হত্যা কৰা বুলি দাবী কৰা হৈছিল।