অসমীয়া চলচ্চিত্রৰ জগতৰ জ্যেষ্ঠ পৰিচালক হেমেন দাসৰ দেহাৱসান । ৭৭ বছৰ বয়সত জীৱন নাট সামৰে পৰিচালক, চিত্রনাট্যকাৰ,অভিনেতা , লেখক তথা অসম সচিবালয়ৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী হেমেন দাসে । ১৯৯০ চনত হেমেন দাসে প্রথমবাৰৰ বাবে একক ভাবে পৰিচালনা কৰা যুঁজ নামৰ ছবিখনে লাভ কৰিছিল আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা ।
১৯৪৬ চনৰ ১ নৱেম্বৰত মৰিগাওঁ জিলাৰ আহতগুৰিত জন্মলাভ কৰা হেমেন দাসে আশ্ৰয় নামৰ চিনেমা খনৰ জৰিয়তে অসমীয়া চলচ্চিত্র জগতত প্রবেশ কৰিছিল । আঘোণৰ নতুন বাটকে ধৰি কেইবাখনো টেলিফিল্ম নিৰ্মাণ কৰিছিল হেমেন দাসে।
২০১৭ চনত হেমেন দাসে পৰিচালনা কৰা শেষৰখন ছবি মৃগনাভিয়ে মুক্তিলাভ কৰিছিল । শিল্পী পেঞ্চনৰ লগতে আন কেইবাটাও বঁটাৰে সন্মানিত যশস্বী চিত্র পৰিচালক গৰাকীৰ মৃত্যুত শোক প্রকাশ কৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ।