কাইলৈ ভাৰত-অষ্ট্ৰেলিয়াৰ বিশ্বকাপ ক্রিকেটৰ ফাইনেল মেচত কোন হ’ব ধাৰাভাষ্যকাৰ ?

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত কাইলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ২০২৩ ৰ ফাইনেল খেলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত হ’ব লগীয়া খেলখনক লৈ বিভিন্নজনৰ মাজত বৃদ্ধি পাইছে জল্পনা কল্পনা । ভাৰত-অষ্ট্ৰেলিয়া ৰ মাজত হ’বলগীয়া খেলখনৰ প্ৰস্তুতিৰ মাজতে খেলখনত কোনে কোনে ধাৰাভাষ্যকাৰৰ ভূমিকা পালন কৰিব তাৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে।এই ধাৰাভাষ্যকাৰ তালিকাত ভাৰতৰ লগতে অন কেইবাখনো দেশৰ প্ৰাক্তন খেলুৱৈ অন্তৰ্ভুক্ত হৈ আছে। টীম ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ ৰবি শাস্ত্ৰী, সুনীল গাভাস্কাৰ আৰু দিনেশ কাৰ্তিকো তালিকাত অন্তৰ্ভুক্ত হৈছে।
সংবাদ সংস্থাৰ বাতৰিত প্রকাশিত তথ্য অনুসৰি, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবি শাস্ত্ৰী, সুনীল গাভাস্কাৰ, সঞ্জয় মঞ্জৰেকাৰ আৰু দিনেশ কাৰ্তিকে ধাৰাভাষ্যকাৰৰ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে। হৰ্ষ ভোগলেকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। নাছেৰ হুছেইন, ইয়ান স্মিথ, ইয়ান বিছপ, ৰিকি পন্টিং, মাৰ্ক হাৱাৰ্ড, ইয়ান মৰ্গান, এৰন ফিঞ্চককো মাজে মাজে ধাৰাভাষ্যকাৰৰ ভূমিকা পালন কৰা দেখিবলৈ পোৱা যায়।
উল্লেখ্য যে, দুয়োটা দলে চূড়ান্ত খেলখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । আজি ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টীম ইণ্ডিয়াৰ সৈতে অনুশীলন কৰে । আনহাতে অষ্ট্ৰেলিয়া দলো কাইলৈ খেলখনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চূড়ান্ত খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত কাইল দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব।

Comments (0)
Add Comment