১০ দিন সুৰংগৰ ভিতৰত আৱদ্ধ ৪১ গৰাকী শ্ৰমিকৰ ভিডিঅ’ মুকলি । কেনে অৱস্থাত আছে শ্ৰমিক সকল ।

শেহতীয়াকৈ পোহৰলৈ আহিছে উত্তৰকাশীৰ সুৰংগৰ ভিতৰত আৱদ্ধ ৪১ গৰাকী শ্ৰমিকৰ এটা ভিডিঅ’ । যিটো ভিডিঅ’ই আশাৰ সঞ্চাৰ কৰিছে সুৰংগটোৰ ভিতৰত আৱদ্ধ শ্ৰমিক সকলৰ পৰিয়ালৰ মাজত । শেহতীয়াকৈ পোহৰলৈ অহা এই ভিডিঅ’টোত সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিক সকলক সুৰক্ষিত অৱস্থাত দেখা গৈছে ।

ভিডিঅ’টো মুকলি হোৱাৰ পাছতে যোৱা ১০ দিন ধৰি সুৰংগৰ মাজত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ পৰিয়ালে সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা পৰিয়ালৰ সদস্য সকলক দেখি আনন্দ প্ৰকাশ কৰিছে । ইতিমধ্যে উত্তৰকাশীৰ চিল্কায়াৰ সুৰংগৰ মাজত আৱদ্ধ প্ৰায় সংখ্যক শ্ৰমিক পৰিয়ালৰ সদস্য উপস্থিত আছে সুৰংগৰ সমীপত । অধীৰ আগ্ৰহেৰে তেওঁলোকে অপেক্ষা কৰিছে সুৰংগৰ মাজত আৱদ্ধ পৰিয়ালৰ আপোনজনক উদ্ধাৰ কৰি বাহিৰলৈ উলিয়াই অনাৰ বিশেষ মুহুৰ্তটোলৈ ।
উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আৱদ্ধ ৪১ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে প্রশাসনে । সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিক সকলক ছয় ইঞ্চি বহল এডাল পাইপৰ জৰিয়তে শ্ৰমিকসকলক গোটা খাদ্য আৰু পানী যোগান ধৰিছে প্রশাসনে ।
শ্ৰমিক সকলক উদ্ধাৰৰ বাবে সুৰংগটোত উলম্ব ভাবে পথ নিৰ্মাণৰ চেষ্টা চলাই আছে উদ্ধাৰকাৰী দলে ।
সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ এনডিআৰএফ, এছডিআৰএফকে ধৰি সকলো সংস্থাই যুদ্ধকালীন গতিৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
উল্লেখ্য যে ১২ নৱেম্বৰত উত্তৰাখণ্ডৰ উত্তৰকাশীৰ চিল্কিয়াৰাত নিৰ্মাণাধীন সুৰংগ খহি পৰাৰ ফলত ,সুৰংগটোৰ ভিতৰত কাম কৰি থকা ৪১ গৰাকী শ্ৰমিক আৱদ্ধ হৈ পৰে সুৰংগৰ ভিতৰত ।

Comments (0)
Add Comment