উদ্ধাৰ অভিযান বন্ধ ।কেনে আছে ৪১ গৰাকী শ্ৰমিক ?

উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা ৪১ গৰাকী শ্ৰমিকক বচাবলৈ চলি থকা উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হয়। শুকুৰবাৰে সন্ধিয়া ড্ৰিলিঙৰ সময়ত মেচিন বিকল হোৱাৰ বাবে বন্ধ কৰি দিয়া হয় এই অভিযান। উদ্ধাৰকাৰী দলটোৱে শ্ৰমিকসকলক উলিয়াই অনাৰ বাবে এতিয়া নতুন কৌশলৰ কথা চিন্তা কৰিছে।

সুৰংগটোত আবদ্ধ হৈ থকা ৪১ গৰাকী শ্ৰমিকৰ উদ্ধাৰ অভিযানত নিয়োজিত বিষয়াসকলে এই অভিযান সন্দৰ্ভত শুকুৰবাৰে এখন সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত উদ্ধাৰ অভিযানত নিয়োজিত এগৰাকী জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে, আৱদ্ধ শ্ৰমিকসকলৰ ওচৰ পাবলৈ আৰু ১০-১২ মিটাৰ ড্ৰিলিং বাকী আছে ।ইয়াৰ উপৰিও পৰৱৰ্তী ৫ মিটাৰলৈ ৰাডাৰে কোনো বাধা পোৱা নাই বুলি নিশ্চিত হয়।

উদ্ধাৰ অভিযানত নিয়োজিত আন এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, ছিলকিয়াৰা সুৰংগটোৰ এটা অংশ ভাঙি পৰাৰ পিছত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে হেণ্ড ড্ৰিলিঙৰ কথা চিন্তা কৰিছে।

ড্ৰিলিঙৰ সময়ত মেচিনটো আগবাঢ়ি যোৱাৰ লগে লগে তীখাৰ পাইপৰ ছয় মিটাৰ অংশ একেলগে ৱেল্ডিং কৰি সুৰংগৰ সংকীৰ্ণ পথটোত ঠেলি দিয়া হয়।মেচিনৰ ষ্টীলৰ অংশটো স্থাপন হ’লেই উদ্ধাৰকাৰীয়ে চকাযুক্ত ষ্ট্ৰেচাৰ ব্যৱহাৰ কৰি নতুনকৈ নিৰ্মাণ কৰা সুৰংগটোৰ মাজেৰে শ্ৰমিকসকলক নিৰাপদ স্থানলৈ টানি নিব পাৰিব।

পিটিআইত দিয়া বিবৃতিত গড়ৱাল ৰেঞ্জৰ মহাপৰিদৰ্শক কে এছ নাগানয়ালে আশ্বাস দিয়ে যে, উদ্ধাৰ কৰাৰ পাছত শ্ৰমিকসকলক নিৰাপদ আৰক্ষীৰ এস্কৰ্টৰ অধীনত এক নিৰ্দিষ্ট “সেউজ কৰিডৰ” জৰিয়তে দ্ৰুতগতিত চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে।

প্ৰায় দুসপ্তাহ ধৰি আৱদ্ধ হৈ থকাৰ পিছতো শ্ৰমিকসকল মানসিকভাৱে সুস্থিৰ আৰু শাৰীৰিকভাৱে সুস্থ বুলি জানিবলৈ দিয়ে উদ্ধাৰ অভিযানত নিয়োজিত বিষয়াসকলে।

Comments (0)
Add Comment