শনিবাৰৰ পুৱাৰে পৰা ৰাজস্থান বিধানসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৭ বজাৰ পৰা হোৱা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । সন্ধিয়া ৬ বজাত অন্ত পৰিব ভোট গ্ৰহণ ।ৰাজস্থানৰ ২০০টা বিধানসভা সমষ্টিৰ ১৯৯ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ।
ৰাজস্থানৰ বিধানসভা ২০০ খন আসনযুক্ত যদিও শ্ৰীগংগা নগৰৰ কৰণপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গুৰমিত সিং কুনেৰৰ অকাল বিয়োগৰ বাবে সেইটো সমষ্টিত নিৰ্বাচন স্থগিত ৰাখিবলগীয়া হৈছে। ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ১৯৯ টা সমষ্টিত
ৰাজস্থানত পুৱা ১১ বজালৈকে ২৭.৭৪ শতাংশ ভোটদান । পুৱা ১১ বজালৈকে ঢোলপুৰত ৩০.২৫ শতাংশ, উদয়পুৰত ২১.০৭ শতাংশ, যোধপুৰত ২২.৫৮ শতাংশ, জয়পুৰত ২৫.১৯ শতাংশ, মুখ্যমন্ত্ৰী অশোক গেহলটৰ সমষ্টিত ২৪.৩০ শতাংশ ভোটদান । ডুংগৰপুৰত ২২.৮২ শতাংশ, শ্ৰীগংগানগৰত ৮.২২ শতাংশ আৰু হনুনগড়ত ২৯.১৬ শতাংশ ভোটদান। পুৱা ৯ বজালৈকে ৰাজ্যত ৯.৭৭% ভোটদান হৈছিল। পুৱাৰে পৰা জ্যেষ্ঠ নেতাকে ধৰি বিপুল জনসমাগম দেখা গৈছে ভোটগ্ৰহণ কেন্দ্ৰত। পুৱা ৯ বজালৈকে আজমেৰত ৯.৪%, আলৱাৰত ৯.৯৫%, বৰমেৰত ৭.৯%, ভাৰতপুৰত ১০.৮%, ভিলৱাৰাত ৯.২৪%, বিকানেৰত ৯.২৭%, বুণ্ডীত ১০.৩৮%, চিত্তৰগড়ত ৯.২৭%। চুৰুত ১০.৩৪% আৰু দৌছাত ৮.৯৩% ভোটদান।
ইফালে, চৰ্দাৰপুৰা (যোধপুৰ চহৰ)ত ভোটদানৰ অন্তত মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে ৰাজস্থানত কংগ্ৰেছ চৰকাৰ আহিব। ৰাতিপুৱা ৯ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজ , প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলট, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ভোটদান কৰে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া ৬ বজালৈ চলিব। শাসকীয় কংগ্ৰেছ আৰু প্ৰধান বিৰোধী দল ভাৰতীয় জনতা পাৰ্টিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হব পাৰে ।