চীনৰ ৰহস্যময়ী নিউমনীয়া ৰোগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান, কৰ্ণাটক, গুজৰাট, উত্তৰাখণ্ড, হাৰিয়ানা আৰু তামিলনাডুলৈ সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগকশ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে।
ইতিমধ্যে কেইবাখনো ৰাজ্যৰ চৰকাৰে মানুহৰ ভিৰ থকা স্থানত জনসাধাৰণক মাস্ক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। শিশু চিকিৎসা ইউনিটত শিশুৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।
চীনত এই ৰহস্যজনক ৰোগত আটাইতকৈ বেছি আক্ৰান্ত হৈছে শিশু। জ্বৰৰ লগতে হাওঁফাওঁ ফুলি উঠা এই ৰোগৰ বাবে প্ৰতিদিনে প্ৰায় ৭ হাজাৰ শিশু চিকিৎসালয়ত ভৰ্তি হৈছে। বিশেষজ্ঞসকলৰ মতে কভিডৰ দৰে এই ৰোগো সংক্ৰামক।
যোৱা ২৪ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই সন্দৰ্ভত নিৰ্দেশনা দিছিল । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই কয় যে ভাৰতত এতিয়ালৈকে চীনৰ এই ৰহস্যজনক ৰোগত আক্ৰান্ত এজনো ৰোগী ধৰা পৰা নাই।
যোৱা ২৩ নৱেম্বৰত চীনৰ সংবাদ মাধ্যমে চীনৰ বিদ্যালয়ত এক ৰহস্যজনক ৰোগ বিয়পি পৰাৰ বাতৰি প্ৰকাশ কৰিছিল। চীনৰ মতে, আক্ৰান্ত শিশুসকলৰ হাওঁফাওঁত জ্বলা-পোৰা কৰাৰ লগতে , জ্বৰ, কাহ, চৰ্দি আদিৰ লক্ষণে দেখা দিয়ে । এই ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে চীনৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছিল।
চীনৰ স্বাস্থ্য বিভাগৰ মতে , এইটো এটা সাধাৰণ নিউমোনিয়া ৰোগ। কোনো নতুন ৰোগ বা আন বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণ হোৱা নাই। বৰ্তমান চীনত অত্যন্ত ঠাণ্ডা। শীতকালত ভাইৰাছজনিত ৰোগ বিয়পি পৰাৰ আশংকা অধিক।