মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ আজি আনন্দৰাম বৰুৱা বঁটা

মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক আজি শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব।মেট্ৰিক পৰীক্ষাত ৭৫ শতাংশ বা তাতোকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে আজি আনন্দৰাম বৰুৱা বঁটা হিচাপে ১৫ হাজাৰকৈ টকা লাভ কৰিব। মুঠ ২৭,১৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক এই বঁটা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰনোজ পেগু।

মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ২৭,১৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক এইবাৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব। এই বঁটাৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে মুঠ ৪০ কোটি ৭৭ লাখ ৪৫ হাজাৰ টকা ধাৰ্য কৰিছে। উল্লেখ্য পূৰ্বতে মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক একোটাকৈ কম্পিউটাৰ প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে। 

কামৰূপ মহানগৰ,কামৰূপ (গ্ৰাম্য),  নলবাৰীৰ উপৰিও গুৱাহাটীৰ ওচৰৰ কেইখনমান জিলাৰ ছাত্ৰ-ছাত্ৰীক আজি এই অনুষ্ঠানতে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব।

Comments (0)
Add Comment