নিষিদ্ধ খালিস্তানী সংগঠন শিখছ ফৰ জাষ্টিছ (এছ এফ জে)ৰ নেতা গুৰুপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰত নিখিল গুপ্তা নামৰ এজন ভাৰতীয় জড়িত থকা বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰে ।২০২৩ বৰ্ষৰ জুন মাহত চেক গণৰাজ্যৰ প্ৰশাসনে নিখিলক গ্ৰেপ্তাৰ কৰিছিল।
মানহাটানৰ শীৰ্ষ চৰকাৰী বিষয়া ডেমিয়ান উইলিয়ামছে এই সন্দৰ্ভত কয়, “ভাৰতত বহি থকাৰ সময়তে প্ৰতিবাদকাৰীয়ে নিউয়ৰ্কত ভাৰতীয় মূলৰ এজন আমেৰিকান নাগৰিকক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে চলি থকা ষড়যন্ত্ৰসমূহে মুকলিকৈ শিখসকলৰ বাবে এখন সাৰ্বভৌম ৰাষ্ট্ৰ স্থাপনৰ পোষকতা কৰিছিল।”
যোৱা সপ্তাহত জো বাইডেনৰ প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, আমেৰিকাৰ প্ৰশাসনে আমেৰিকাত বাস কৰা এজন শিখ বিচ্ছিন্নতাবাদীক হত্যাৰ ষড়যন্ত্ৰ বিফল কৰিছে । আৰু এইক্ষেত্ৰত নতুন দিল্লীক সকীয়াই দিছিল যে ইয়াৰ আঁৰত ভাৰত চৰকাৰৰ হাত থাকিব পাৰে।
গুৰপতৱন্ত সিং পান্নুন আমেৰিকা আৰু কানাডাৰ দ্বৈত নাগৰিক। কানাডাত আশ্ৰয় লোৱা পান্নুনে যোৱা ছেপ্টেম্বৰ মাহত দেশখনত বসবাস কৰা হিন্দুসকলৰ ওপৰত কৰা আক্ৰমণৰ ক্ষেত্ৰটো সকীয়নি দিছিল। ইয়াৰ পাছত চণ্ডীগড়ত থকা তেওঁৰ ঘৰ আৰু অমৃতসৰৰ মাটি জব্দ কৰে এন আই এয়ে। প্ৰসংগক্ৰমে পঞ্জাৱত পান্নুনৰ বিৰুদ্ধে ২২টা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে।