বাংগালুৰুৰ ১৫খন ব্যক্তিগত বিদ্যালয়ক বোমা বিস্ফোৰণৰ জৰিয়তে উৰুৱাই দিযাৰ ভাবুকি অচিনাকি দুৰ্বৃতৰ। শুকুৰবাৰে ই-মেইলৰ জৰিয়তে দুৰ্বৃতই ভাবুকি দিয়ে বিদ্যালয় কেইখনক।ই-মেইলত বিদ্যালয় কেইখনৰ ভিতৰত বোমা স্থাপন কৰা বুলি দাবী কৰিছে ।
ই-মেইল পোৱাৰ লগে লগে বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীক উলিয়াই অনাৰ পাছত, তালাচী আৰম্ভ কৰে বোমা বিশেষজ্ঞই । অৱশ্যে বিদ্যালয় কেইখনত এতিয়ালৈকে সন্দেহজনক একো পোৱা নাই আৰক্ষীয়ে।
বাংগালুৰু আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আটাইকেইখন বিদ্যালয় বাংগালুৰুৰ বিভিন্ন প্ৰান্তত আছে। এতিয়ালৈকে সন্দেহজনক একো পোৱা নাই।অভিভাবক সকলে বিদ্যালয়ত বোমা থকাৰ তথ্য লাভ কৰাৰ লগে লগে নিজৰ সন্তানক নিবলৈ বিদ্যালয়ৰ পৰা নিবলৈ অহাৰ ফলত বিশৃংখলতাৰ সৃষ্টি হয়।
আটাইকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰীক নিৰাপদে বিদ্যালয়ৰ বাহিৰলৈ উলিয়াই অনা হয় । আৰক্ষীৰ মতে, যোৱা বছৰ বেংগালুৰুৰ ৭খন বিদ্যালয়ত একেধৰণৰ বোমা বিস্ফোৰণৰ ভাবুকি আহিছিল যদিও সেয়া কেৱল উৰাবাতৰি বুলি প্ৰমাণিত হয়।
এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছত কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি, কে শিৱকুমাৰ এখন বিদ্যালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উপ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে – টিভিত স্কুলত বোমা বিস্ফোৰণৰ খবৰটো দেখি ভয় লাগি গ’ল। ভাবুকি পোৱা কেইখনমান বিদ্যালয় আমাৰ ঘৰৰ ওচৰতে।
আৰক্ষীয়ে দেখুৱা ই-মেইলটো চাই মেইলটো ভুৱা যেন লাগিছে। আমি ২৪ ঘণ্টাৰ ভিতৰত ই-মেইল প্ৰেৰণ কৰা ব্যক্তি গৰাকীক আটক কৰিবলৈ সক্ষম হম ।আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই তেওঁলোকৰ নিজৰ কাম কৰি আছে। কিন্তু আমি সাৱধান হোৱা উচিত।