পুনৰ ৰক্তাক্ত মণিপুৰ; দুই বিদ্ৰোহী সংগঠনৰ মাজত প্ৰচণ্ড গুলীয়াগুলী, ১৩জনৰ মৃত্যু

পুনৰ ৰক্তাক্ত হৈ পৰিছে মণিপুৰ। সোমবাৰে মণিপুৰ-ম্যানমাৰ সীমান্তৰ টেংনৌপাল জিলাৰ এখন গাঁৱত ১৩টা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষী বিষয়াই জনোৱা প্ৰাৰম্ভিক তথ্য অনুসৰি, সোমবাৰে দুপৰীয়া টেংনৌপাল জিলাৰ ছাইবলৰ সমীপৰ লেইথাও গাঁৱত দুটা বিদ্ৰোহী সংগঠনৰ মাজত গুলীয়াগুলী চলিছিল।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীৰ এটা দল ঘটনাস্থলত উপস্থিত হোৱাত সেই স্থানৰ পৰা ১৩টা মৃতদেহ উদ্ধাৰ হয়।

ঘটনাস্থলত উপস্থিত হোৱা আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত লোককেইজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। লগতে মৃত লোককেইজনৰ পৰা কোনো ধৰণৰ অস্ত্ৰ-সস্ত্ৰও উদ্ধাৰ হোৱা নাই।

আৰক্ষীয়ে মৃত লোককেইজনৰ পৰিচয় উদ্ধাৰৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে এক্সত লিখিছে, ‘৪ ডিচেম্বৰত মণিপুৰৰ টেংনৌপাল জিলাৰ মাচি আৰক্ষী থানাৰ অন্তৰ্গত ছাইবলৰ সমীপৱৰ্তী লেইথাও গাঁৱত অজ্ঞাত দুৰ্বৃত্তৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত ১৩জন নিহত হয়। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে’।

উল্লেখ্য যে, চলিত বৰ্ষৰ ৩ মে’ত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষৰ পিছত মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলত এইটোৱে আটাইতকৈ ডাঙৰ হিংসাত্মক ঘটনা।

Comments (0)
Add Comment