আধাৰ কাৰ্ডৰ উপৰি এইবাৰ আপোনাৰ সন্তানৰ বাবে বাধ্যতামূলক হব Apaar ID কাৰ্ড।

আধাৰ কাৰ্ডৰ উপৰি এইবাৰ আপোনাৰ সন্তানৰ বাবে বাধ্যতামূলক হব Apaar ID কাৰ্ড। প্ৰতিটো শিশুৰ বাবে এই Apaar ID Card প্ৰয়োজনীয় হব। শিক্ষাগ্ৰহণৰ বাবে শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ পৰা চাকৰি লাভ কৰালৈ সকলোতে সহায় কৰিব এই কাৰ্ডে।

কি এই Apaar ID Card?

Apaar ID Cardৰ সম্পূৰ্ণ নাম ‘Automated Permanent Academic Account Registry যাক এক ৰাষ্ট্ৰ, এক বিদ্যাৰ্থী কাৰ্ড বুলিও জনা যায়। কেন্দ্ৰ চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ে আৰম্ভ কৰিছে Apaar ID Card বনোৱাৰ প্ৰক্ৰিয়া। এই Apaar ID Card হব স্কুলীয়া শিক্ষাৰ্থীসকলৰ পৰিচয় পত্ৰ। ১২ সংখ্যাৰ এই কাৰ্ড শিশু অৱস্থাৰ পৰা শিক্ষাজীৱন শেষ হোৱালৈ কাৰ্যকৰী হব। এই আধাৰ কাৰ্ডতকৈ কিছু পৃথক হব এই কাৰ্ড। অৱশ্যে আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব এই Apaar ID কাৰ্ড। Apaar ID Card ত সকলো তথ্য স্বয়ংক্ৰিয়ভাৱে আপডেট কৰা হ’ব।

কেনেকৈ এই কাৰ্ড বনাব?

Apaar ID Card বনাবলৈ প্ৰয়োজন হব আধাৰ কাৰ্ড। ইয়াৰ বাবে ডিজিলকাৰত একাউণ্ট থাকিব লাগিব। শিক্ষাৰ্থীসকলক তেওঁলোকৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ দ্বাৰা ‘অপাৰ কাৰ্ড’ জাৰী কৰা হ’ব। ‘অপাৰকাৰ্ড’ত এজন শিক্ষাৰ্থীৰ সকলো ধৰণৰ তথ্য ডিজিটেলভাৱে সংৰক্ষণ কৰা হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি Apaar ID Card বনোৱা হব। ইয়াত, তেওঁলোকৰ শিক্ষাৰ সকলো হিচাপ কৰা হ’ব, যেনে শিশুৱে কিমান শ্ৰেণী অধ্যয়ন কৰিছে, তেওঁলোকে কি পুৰষ্কাৰ লাভ কৰিছে, তেওঁলোকৰ কি ডিগ্ৰী আছে, তেওঁলোকে বৃত্তি লাভ কৰিছে নে নাই, যদি তেওঁলোকে পাইছে, কিমান আৰু ক’ৰ পৰা তেওঁলোকে পাইছে, কোন শ্ৰেণীত কিমান নম্বৰ পাইছে ইত্যাদি সকলো তথ্য ডিজিটেলভাৱে এই কাৰ্ডলৈ স্থানান্তৰ কৰা হ’ব।

Comments (0)
Add Comment