হাৰ্ট এটেক হৈছে এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যা, যিটো যিকোনো বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত হ’ব পাৰে। কিন্তু ভাৰতত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে যুৱক-যুৱতীৰ মাজত হাৰ্ট এটেকৰ ঘটনা। এইটো অত্যন্ত চিন্তাৰ বিষয় কিয়নো হাৰ্ট এটেকত মৃত্যুৰ আশংকা বেছি।
হাৰ্ট এটেকত যুৱক-যুৱতীৰ মৃত্যুৰ ঘটনা বৃদ্ধি পোৱাৰ পাছতে স্বাস্থ্য মন্ত্ৰালয়ে লৈছে এক ডাঙৰ সিদ্ধান্ত। ৬ ডিচেম্বৰৰ পুৱা ৯:৩০ বজাৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ’ব এক কাৰ্যসূচী, য’ত ১০ লাখ লোকক একেলগে দিয়া হ’ব চিপিআৰৰ প্ৰশিক্ষণ।
আগন্তুক সময়ত হাৰ্ট এটেক ৰোগীক বচাবলৈ জিম, স্কুল-কলেজত চিপিআৰ টেকনিকৰ শিক্ষা দিয়া হ’ব। এই কৌশলত ৰোগীৰ বুকুত প্ৰবল চাপ দি হৃদযন্ত্ৰৰ ক্ৰিয়া পুনৰ আৰম্ভ কৰিব পাৰি।
চিপিআৰ কৰিবলৈ প্ৰথমে লোকজনক কঠিন ঠাইত শুৱাই দিয়া হয় আৰু চিপিআৰ দিয়া ব্যক্তিজন তেওঁৰ ওচৰত আঁঠু কাঢ়ি বহে। লোকজনে উশাহ-নিশাহত কষ্ট পাইছে নেকি সেয়া চাবলৈ নাক আৰু ডিঙি পৰীক্ষা কৰা হয়। তদুপৰি যদি জিভাখন ওলোটা হৈ গৈছে তেন্তে আঙুলিৰ সহায়ত সঠিক স্থানলৈ অনা হয়।
বুকুত চাপ
ৰোগীৰ বুকুৰ মাজত হাতৰ তলুৱাৰে পাম্প কৰি হেঁচা দিয়া হয়। এবাৰ বা দুবাৰ এনে কৰিলে হৃদস্পন্দন আকৌ আৰম্ভ হ’ব। পাম্প কৰাৰ সময়ত আনখন হাত প্ৰথম হাতখনৰ ওপৰত ৰাখি আঙুলিৰে বান্ধি ল’ব লাগে। হাত আৰু কঁকাল পোনে পোনে ৰাখক। হাতৰ তলুৱাৰে বুকুখন ১-২ ইঞ্চি হেঁচা মাৰি ধৰিলে এক মিনিটত কমেও ১০০-১২০ বাৰ চাপ দিব পাৰি। ২০ মিনিটৰ পৰা ৫০ মিনিটলৈকে এই কাম কৰিব পাৰে।
যুৱক-যুৱতীৰ মাজত হাৰ্ট এটেকৰ কাৰণ
জীৱনশৈলীৰ পৰিৱৰ্তন
জীৱনশৈলীৰ পৰিৱৰ্তন, যেনে অনিয়মিত খাদ্যাভ্যাস, ধূমপান, মদ্যপান আৰু ব্যায়ামৰ অভাৱ আদিয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিছে।
মেদবহুলতা
মেদবহুলতাও হৃদৰোগৰ বাবে এক প্ৰধান বিপদজনক কাৰক। ভাৰতত যুৱক-যুৱতীসকলৰ মাজত মেদবহুলতাৰ হাৰ বৃদ্ধি পাইছে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাইছে।
জেনেটিক কাৰক
কিছুমান ক্ষেত্ৰত জেনেটিক কাৰণত হৃদৰোগ হ’ব পাৰে বা হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি।