ব্ৰিটিছ বাতৰি কাকতত প্ৰকাশ পোৱা এটা খবৰে তোলপাৰ লগাইছে দেশৰ ৰাজধানী নতুন দিল্লীত । ব্ৰিটিছ বাতৰি কাকতত পোৱা প্ৰকাশ খবৰ মতে ,দিল্লীত কিডনী বিক্ৰী কৰিবলৈ দলে দলে আহিছে ম্যানমাৰৰ যুৱক-যুৱতী ।দিল্লীৰ এখন বিখ্যাত ব্যক্তিগত চিকিৎসালয়লৈ নিজৰ কিডনী বিক্ৰী কৰিবলৈ ম্যানমাৰৰ যুৱক-যুৱতী সকল । ব্ৰিটিছ বাতৰি কাকতত এই খবৰ প্ৰকাশ পোৱাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে NOTO (National Organ and Tissue Transplantation Organisation) ক। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা নাটোৱে ইতিমধ্য আৰম্ভ কৰিছে তদন্ত । ইতিমধ্যে নাটোৰ সঞ্চালক অনিল কুমাৰে দিল্লীৰ স্বাস্থ্য সচিব এছ বি কুমাৰলৈ এই বিষয়টোৰ তদন্তৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছে।
৩ ডিচেম্বৰত ব্ৰিটেইনৰ “দ্য টেলিগ্ৰাফ” কাকতত প্ৰকাশ পাইছিল দিল্লীতম্যানমাৰৰ যুৱক-যুৱতীৰ কিডনী বিক্ৰী সম্পৰ্কীয় প্ৰতিবেদন। প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে, ম্যানমাৰৰ এদল যুৱক ধন বিচাৰি দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ আহিছে। ম্যানমাৰৰ অভিজাত পৰিয়ালৰ সদস্যই দিল্লীত কিডনী বিক্ৰী কৰি আছে।প্ৰতিবেদন মতে, এইক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।
বৰ্তমানৰ আইন অনুসৰি কেৱল ঘনিষ্ঠ আত্মীয়ইহে অংগ প্ৰয়োজন হোৱা ব্যক্তিক অংগদান কৰিব পাৰে। দূৰ সম্পৰ্কীয় আত্মীয়ই যদি কোনো অংগ দান কৰে তেনেক্ষেত্ৰত নিশ্চিত হ’ব লাগিব যে তেওঁ টকা বা আন কোনো বস্তুৰ বিনিময়ত অংগট দান কৰা নাই। ইফালে চিকিৎসালয়খনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষ এনে কোনো কামৰ সৈতে জড়িত নহয় বুলি উল্লেখ কৰে ।