কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চত পৰিভ্ৰমী পক্ষীৰ ভিৰ । ISHAN NEWS…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চত পৰিভ্ৰমী পক্ষীয়ে ভিৰ কৰিছে বনাঞ্চলখনৰ বিল জলাশয়সমূহত । শীতৰ সময়ত খাদ্যৰ সন্ধানত কাজিৰঙালৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে।

আঘোনৰ পথাৰৰ খাদ্যৰ সন্ধানত নামিছে পৰিভ্ৰমী পক্ষীয়ে। কাজিৰঙাত অধিক জলাশয়সমূহত পৰ্যাপ্ত পৰিমাণৰ খাদ্য থকাৰ বাবেই প্ৰতি বছৰে শীতৰ সময়চোৱাত আগমন ঘটে বহু পৰিভ্ৰমী পক্ষীৰ।

https://www.facebook.com/100089037258474/videos/871094064715794/

অক্টোবৰ মাহৰ পৰাই ৰাচিয়া, নেদাৰলেণ্ড, ইউৰোপৰ উপৰিও হিমালয়ৰ পাদদেশৰ পৰা অহা আলহী পক্ষীয়ে মনোমোহা ৰূপ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। যেনে- বাৰ হেডড হাঁহ (Bar Headed geese), পিনটেইল ডাক (Pintail Duck), কমন ক্ৰেন (Common crane) ধূসৰ ভৰিৰ হাঁহ (Gray Legs Geese), পেলিকান (Pelican), বগা সন্মুখৰ হাঁহ (White Fronted Geese) ,নৰ্দান লেপউইং (Northern Lapwing), বাইকাল টিল (Baikal Teal), আইবিছ (Ibis), স্পুনবিল (Spoonbill) ইত্যাদি বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষীয়ে । বিশেষভাৱে ইষ্টাৰ্ণ ৰেঞ্জ অগৰাতলিৰ বনাঞ্চলৰ চহলা বিলত বিচৰণ কৰা ভিন্ন প্ৰজাতিৰ পক্ষীৰ বাবে হৈ পৰিছে পক্ষী পৰ্যটনৰ কেন্দ্ৰ স্বৰূপ। পক্ষী দৰ্শনৰ বাবেও কাজিৰঙালৈ বহু পৰ্যটকৰ আগমন হোৱাৰ লগতে একাংশ পৰ্যটকৰ বাবে গৱেষণাৰ থলিও হৈ পৰিছে অগৰাতলী বনাঞ্চলৰ চহলা বিল ৷

Comments (0)
Add Comment