গোমুত্ৰ ৰাজ্যতহে জয়ী হৈছে BJP! দক্ষিণৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে BJP-এ

‘এই দেশৰ মানুহে ভাবিব লাগে যে বিজেপিয়ে কেৱল হিন্দীবাসীৰ ৰাজ্যসমূহৰ নিৰ্বাচনত জয় হোৱাৰহে শক্তি আছে। যাক আমি সাধাৰণতে গো মূত্ৰৰ ৰাজ্য বুলি কওঁ।‘ পবিত্ৰ সংসদত এই ভাষ্য এগৰাকী সাংসদৰ।

সনাতন ধৰ্মক লৈ এজনৰ পাছত আন এজন ৰাজনৈতিক নেতাই বিতৰ্কিত মন্তব্য কৰাৰ পাছত পুনৰ ডিএমকে নেতাৰ অশালীন মন্তব্য। সংসদৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা ডিএমকেৰ সাংসদ ডি.এন.ভি. চেন্থিলকুমাৰে অপমান কৰিলে উত্তৰ ভাৰতক।

COURTESY : SANSAD TV

বিজেপিক সমালোচনা কৰিবলৈ গৈ হিন্দীবাসীৰ আধিপত্য থকা ৰাজ্যসমূহক ৰিজালে গো-মূত্ৰৰ সৈতে। চেন্থিলকুমাৰে কয় যে এই দেশৰ ৰাইজে ভাবিব লাগে যে বিজেপিৰ শক্তি হৈছে কেৱল হিন্দী ৰাজ্যত নিৰ্বাচনত জয়ী হোৱা, যাক আমি সাধাৰণতে গোমূত্ৰ  ৰাজ্য বুলি কওঁ। ইয়াকে কৈ ক্ষান্ত নাথাকিল তামিলনাডুৰ ধৰ্মপুৰী লোকসভা আসনক প্ৰতিনিধিত্ব কৰা ডিএমকে নেতাজন। তেওঁ কয় যে ‘বিজেপিয়ে কেতিয়াও দক্ষিণ ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে। আপোনালোকে তামিলনাডু, কেৰালা, তেলেংগানা আৰু কৰ্ণাটকত কি ঘটিছে দেখিছে। আমি তাত বহুত শক্তিশালী।‘

ডিএমকে সাংসদৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখীয়ে কয় যে এয়া সনাতনী ধৰ্মৰ প্ৰতি কৰা অসন্মান। লগতে তেওঁ কয় যে দেশে সনাতনী পৰম্পৰা আৰু সনাতনীসকলৰ প্ৰতি কৰা এনে অপমান সহ্য নকৰে। দেশৰ বিশ্বাসৰ সৈতে খেলাসকলক ৰাইজে উপযুক্ত প্ৰত্যুত্তৰ দিব।

আনহাতে, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে ডিএমকে সাংসদৰ এই মন্তব্যৰ সৈতে কংগ্ৰেছ দলৰ কোনো সম্পৰ্ক নাই। কংগ্ৰেছ নেতাজনে কয় যে এয়া তেওঁৰ ব্যক্তিগত মন্তব্য। আমি সকলোৱে গো-মাতাক সন্মান কৰোঁ। ইয়াৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই।

Comments (0)
Add Comment