বিধানসভাত জয়লাভ কৰাৰ পিছতেই ১০ বিজেপি সাংসদৰ পদত্যাগ । ISHAN NEWS…

দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত বিজেপিৰ ১০জন সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।

পদত্যাগ কৰা সাংসদসকলৰ ভিতৰত আছে ছত্তীশগড়ৰ গোমতি ছাই, মধ্যপ্ৰদেশৰ নৰেন্দ্ৰ সিং টোমৰ, ৰাকেশ সিং, প্ৰহ্লাদ পেটেল, ৰীতি পাঠক আৰু উদয় প্ৰতাপ সিং।

ৰাজস্থানৰ সাংসদ দিয়া কুমাৰী, ৰাজ্যবৰ্ধন ৰাথোৰ আৰু কিৰোৰী লাল মীনাইও পদত্যাগ কৰিছে। পদত্যাগ কৰা ১০ জন সাংসদৰ ভিতৰত ৫ জন মধ্যপ্ৰদেশৰ, ৩ জন ৰাজস্থানৰ আৰু ২ জন ছত্তীশগড়ৰ।

উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২১ গৰাকী সাংসদক থিয় কৰাইছিল। ইয়াৰে ১২ জন সাংসদ জয়ী হোৱাৰ বিপৰীতে ৯ জন সাংসদ পৰাস্ত হৈছিল।

আজি নিৰ্বাচনত জয়ী হোৱা ১০ জন বিধায়কে পদত্যাগ পত্ৰ দাখিল কৰিবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাত কৰে। সাংসদ পদ ত্যাগ কৰিলেও তেওঁলোক বিধায়ক হৈ থাকিব।

ইফালে নিৰ্বাচনত জয়ী হোৱা আন দুজন সাংসদ বাবা বালাকনাথ আৰু ৰেণুকা সিঙে আজি পদত্যাগ পত্ৰ দাখিল কৰা নাই।

উল্লেখ্য যে, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীস্থিত ঘৰত গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল।

প্ৰায় পাঁচ ঘণ্টাজোৰা এই বৈঠকখনতে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু চত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত বিস্তৃত ৰূপত আলোচনা হয়।

Comments (0)
Add Comment