হেৰোৱা ছবি বিচাৰি আঘোণৰ পথাৰত এখোজ । ISHAN NEWS…

আঘোণৰ পথাৰত এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ। ব্যস্ততা বাঢ়িছে জীয়ৰী-বোৱাৰী দাৱনীজাকৰ।  শাওনৰ পথাৰত প্রখৰ ৰ’দত কপালৰ ঘাম মাটিত পেলাই আশাৰ সপোণ দেখা কৃষকৰ সেউজীয়া ধাননিডৰা এতিয়া সোণোৱালী হ’ল। ই সোণোৱালী সপোণৰ ধান চপোৱাৰ সময় এয়া। সেয়ে ব্যস্ততা বাঢ়িছে কৃষকৰ, জীয়ৰী-বোৱাৰী দাৱনীজাকৰ। বেৰৰ ফাঁকত থৈ দিয়া কাঁচি কেইখন শান দিয়াৰপৰা ভঁৰালৰ গাঁধৈত থৈ দিয়া ভলুকা বাঁহৰ বিৰিয়াডাল ৰ’দত দিয়ালৈকে, চোতালখন চুচি চুৰুকি নিমজ কৰাৰপৰা ভঁৰালৰ বেৰৰ গাঁধৈখন গোবৰ মাটিৰে মচি দিয়ালৈকে, মুঠি মুঠি ধান আনি চোতালত মৰণা মাৰি ভঁৰালত থোৱালৈকে কাম আৰু কাম। আৰু তেনে এক পৰিৱেশেই এতিয়া দেখা গৈছে অসমৰ গ্রামাঞ্চলত।

ৰাজ্যৰ ভিন্ন প্রান্তৰৰ পথাৰত এতিয়া উখল-মাখল পৰিবেশ। ৰাংঢালী দাৱনীজাক এতিয়া ব্যস্ত পথাৰৰ সোণোৱালী ধান চপোৱাত। ব্যস্ততাৰ মাজতে পথাৰৰ নৰাত বহি সোৱাদ লৈছে জলকীয়াৰ সৈতে ৰবাব টেঙা আৰু চকলা টেঙাৰ।কান্ধত ডাঙৰি অনা পাহোৱাল ডেকাৰ পাছে পাছে নৰাৰ পেঁপা বজোৱাত ব্যস্ত হৈ পৰিছে গাঁৱৰ কণ কণ ল’ৰা-ছোৱালীবোৰ।

অসমৰ বিভিন্ন স্থানৰপৰা প্ৰায় লুপ্ত হোৱা সাঁউৰী প্ৰথা আজিও বর্তি আছে চৰাইদেউৰ পথাৰত। ইঘৰে সিঘৰৰ পথাৰত ধান দাই দিয়া সাঁউৰী প্ৰথাৰ আনন্দ আজিও উপভোগ কৰে চৰাইদেউবাসীয়ে। ঘৰৰ পুখুৰীৰ মাছেৰে পথাৰত সাঁউৰী ধান দোৱা দাৱনীজাকৰ ভাতমুঠিৰ কিমান তৃপ্তি সেয়া হয়তো নুবুজিব বাতানুকুল কোঠাত বহি সংস্কৃতিৰ নামত বৰবিহ উপভোগ কৰাসকলে । 

বিজ্ঞান-প্রযুক্তিবিদ্যাৰ চমৎকাৰী উদ্ভাৱনে মানৱ সমাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও ইয়াৰ বহুল ব্যৱহাৰে সকলোকে যেন যন্ত্র নির্ভৰশীল কৰি তুলিছে। মানৱ সমাজেও সময়ৰ নাটনিৰ দোহাই দি বিজ্ঞানৰ ন-ন আৱিস্কাৰে কঢ়িয়াই অনা সুবিধা সমূহ আঁকোৱালি লোৱাৰ ফলত আমাৰ পুবহু পৰম্পৰা হেৰাই গ’ল সময়ৰ সোঁতত । আজিৰ নতুন প্রজন্মৰ বহুতেই পোৱা নাই  কেঁচা মাটিৰ গোন্ধ, পকা ধানৰ সুবাস। বহুতেই হয়তো দেখা নাই সোণোৱালী পথাৰৰ সোণগুটি ধাননিডৰা।

সোণগুটি পথাৰত দাৱনীয়ে ধান দাই থাকোঁতে দুপৰীয়া কলপাতত নিমখ জলকীয়াৰে ৰবাব টেঙাৰ জুতি লোৱাৰ লগতে গুণগুনাই থকা বিহুনামবোৰো এতিয়া অতীত হ’ল । পিলিঙা ল’ৰাবোৰে হাতত নৰাৰ পেঁপা লৈ দাৱনীৰ পাছে পাছে লেচেৰী বুটলি ফুৰা সেই ধুনীয়া  দৃশ্যবোৰ হেৰাই গ’ল গাওঁবোৰৰ পৰা । কৃষকে আবেলি গৰু গাড়ীত পথাৰৰপৰা ঘৰলৈ  লখিমী অনা দৃশ্যবোৰো ক্ৰমাত নোহোৱা হ’বলৈ ধৰিছে। যান্ত্রিকতাৰ ফলত গৰুৰ গাড়ীখনৰ স্থান ল’লে ট্রেক্টৰে। কৃষকৰ কষ্ট কমিছে যদিও হেৰাই গৈছে পুৰণি দিনৰ ধুনীয়া ছবিখন । আনহাতে পকাধানৰ পথাৰে এখন সমাজক একত্রিত কৰি ৰাখিছিল সাঁউৰী প্ৰথাৰ জৰিয়তে। কিন্তু সেই সাঁউৰি প্ৰথাও আজিকালি নোহোৱা হৈছে। ফলত গাঁৱত এঘৰৰ লগত আন এঘৰৰ সেই মিলাপ্ৰীতিবোৰো যেন কমি গৈছে।  

পৰম্পৰা ৰক্ষা কৰি পথাৰৰ সোণগুটিক চপাই অনাৰ পাছতে আই লখিমীক সেৱা জনাই লগে ভাগে এসাঁজ খোৱা, ন-খোৱা উৎসৱটিও এতিয়া লুপ্তপ্রায় হৈছে । সময় সলনি হোৱাৰ  লগে লগে সমাজৰো পৰিবৰ্তন হ’ল।লাহে লাহে নগৰৰ প্ৰভাৱ পৰিল  গাঁৱসমূহতো ।গাঁৱৰ  বহু ডেকা-গাভৰুৱে পথাৰৰ বোকাপানীত ভুঁই ৰুই ধান দাই লখিমীক আদৰিলে নিজকে ‘আউটদেটেদ” বুলি ভাৱে। ফেচবুক, হোৱাটচএপ আদিত ব্যস্তসকলৰ বহুতেই কেৱল একপি ফটো তোলাৰ বাবেহে যেন পথাৰত নামে। কৃষিকার্যৰ লগত জড়িত বহুতেই এতিয়া কৃষিকার্য এৰি বহিৰাগত বনিয়াৰ ওপৰত নিৰ্ভৰশীল হৈছে ।ঘৰৰ মাটিডৰাত খেতি কৰিবলৈ এৰি বহিৰাজ্যত কেই হাজাৰ মান টকাৰ বাবে গেবাৰি খাটি কাম কৰা পৰিলক্ষিত হৈছে। আনহাতে কৃষকৰ সমস্যা সমাধানৰ বাবে আমি বহুতেই ৰাজপথত আন্দোলন কৰিছোঁ। কিন্তু সেই সমস্যাবোৰ  সমস্যা হৈয়ে ৰ’ল ।

Comments (0)
Add Comment