খলিস্তানী সন্ত্ৰাসবাদী গুৰুপতৱন্ত সিং পান্নুৱে ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি দি আন এক ভিডিঅ’ মুকলি কৰিছে। তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ বিফল হ’ল বুলি ভিডিঅ’টোত উল্লেখ কৰি পান্নুৱে ১৩ ডিচেম্বৰত সংসদ ভৱনত আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰে।
আচলতে ২০০১ চনৰ ১৩ ডিচেম্বৰত সংসদ ভৱনত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ভিডিঅ’ বাৰ্তাটোত পান্নুৱে কয় যে ভাৰতীয় সংস্থাসমূহে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল, যিটো বিফল হৈছিল আৰু তেওঁলোকৰ আক্ৰমণৰ পৰিকল্পনাৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁ ১৩ ডিচেম্বৰত সংসদত আক্ৰমণ কৰিব।
সংসদ আক্ৰমণৰ দোষী আফজল গুৰুৰ সৈতে ভিডিঅ’টোত পান্নুৱে প্ৰকাশ কৰিছে এখন পোষ্টাৰ, য’ত লিখা আছে ‘দিল্লী বনেগা পাকিস্তান’।
শেহতীয়াকৈ আমেৰিকাৰ এজেন্সীয়ে এজন ভাৰতীয় লোকক গ্ৰেপ্তাৰ কৰি পান্নুক হত্যা কৰাৰ ষড়যন্ত্ৰ বিফল কৰিছিল। আমেৰিকাৰ এজেন্সীয়ে গ্ৰেপ্তাৰ কৰা লোকজনে ভাৰতীয় এজেন্সীৰ নিৰ্দেশত কাম কৰি আছে বুলি দাবী কৰিছিল যদিও ভাৰতে এই অভিযোগ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল।
এই ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হৈছে।
পান্নুৰ শেহতীয়া ভিডিঅ’টো চোৱাৰ পাছত নিৰাপত্তা সংস্থাই কৈছে যে পান্নুৰ ভিডিঅ’টোৰ বিষয়বস্তু শুনাৰ পিছত স্পষ্ট হৈ পৰিছে যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ কে-২ ডেস্কে পান্নুক স্ক্ৰিপ্ট লিখি দিছে।
আফজল গুৰুৰ নাম লৈ কাশ্মীৰী সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ কাশ্মীৰ এজেণ্ডাকো সমৰ্থন কৰা পৰিলক্ষিত হৈছে। পান্নুৰ এই ভিডিঅ’ৰ পিছত নিৰাপত্তা সংস্থাসমূহ সক্ৰিয় হৈ পৰিছে।