অসমত নাগৰিকত্ব আইন সংশোধনীৰ ধাৰা ৬এৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ে অসমত অবৈধ অনুপ্ৰৱেশ এক ডাঙৰ সমস্যা বুলি স্বীকাৰ কৰি কয় যে অবৈধ অনুপ্ৰৱেশে কেৱল জনগাঁথনি সলনি কৰাই নহয় সম্পদৰ ওপৰতো বোজা জাপি দিয়ে।
১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত সংশোধিত আইনখনৰ জৰিয়তে কিমান বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছিল বুলি গৃহ মন্ত্ৰালয়ৰ পৰা শপতনামা বিচাৰে উচ্চতম ন্যায়ালয়ে।
ইয়াৰ উপৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত ভাৰতলৈ কিমান বাংলাদেশী আহিছিল? পশ্চিম বংগক বাদ দি ভাৰতলৈ অহাৰ মাপকাঠীত শিথিলতাৰ বাবে অসমক কিয় বাছি লোৱা হ’ল? অসমতকৈ বাংলাদেশৰ সৈতে বংগৰ বৃহত্তৰ সীমা। বিদেশী ন্যায়াধিকৰণত কিমান গোচৰ চলি আছে? সীমান্ত সুৰক্ষিত কৰিবলৈ, ইয়াক অভেদ্য কৰি তুলিবলৈ কি পদক্ষেপ লোৱা হৈছ? সীমান্তত কিমান বেৰ লগোৱা হৈছে? এইবোৰ প্ৰশ্ন কৰে গৃহ মন্ত্ৰালয়ক।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত সংবিধান বিচাৰপীঠত শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰা হয় যে পশ্চিম বংগ ৰাজ্যৰ সীমান্ত অসমতকৈ বাংলাদেশৰ ওচৰত থকাৰ বিপৰীতে নাগৰিকত্ব সন্দৰ্ভত ৬এ অসমতে সীমাবদ্ধ কিয় আছে। বাংলাদেশৰ পৰা অহা লোকৰ সংখ্যা পশ্চিম বংগতকৈ অসমত বেছি হোৱা বুলি চৰকাৰৰ হাতত কোনো তথ্য আছে নেকি বুলি প্রশ্ন কৰে।
মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে যে অসমত কিমানখন বিদেশী ন্যায়াধিকৰণ আছে? সেই ন্যায়াধিকৰণসমূহত কিমান গোচৰ চলি আছে?
কেন্দ্ৰীয় চৰকাৰে ক’ব লাগিব ১৯৬৬ চনৰ ১ জানুৱাৰীৰ আগতে অসমলৈ অহা কিমানজন প্ৰব্ৰজনকাৰীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে? লগতে ১৯৬৬ চনৰ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ভিতৰত বাংলাদেশৰ পৰা অসমলৈ অহা কিমানজন প্ৰব্ৰজনকাৰীয়ে এতিয়ালৈকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে?
ইয়াৰ উপৰি ক’ব লাগিব যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰী হিচাপে কিমানজন অসমলৈ আহিছিল। তেওঁলোকক ঘূৰাই পঠিয়াবলৈ চৰকাৰে এতিয়ালৈকে কি পদক্ষেপ লৈছে?
আনহাতে দেশৰ সীমান্তৰ নিৰাপত্তাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে মুখ্য ন্যায়াধীসগৰাকীয়ে। দেশৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে সীমান্তৰ বেৰৰ কাম কিমান কৰা হৈছে? আৰু ইয়াৰ বাবে চৰকাৰে কিমান বিনিয়োগ কৰিছে?
এই সকলো তথ্য কেন্দ্ৰীয় চৰকাৰক দিবলৈ মুখ্য ন্যায়াধীশে কৈছে।
কেন্দ্ৰীয় চৰকাৰৰ হৈ এছ জি তুষাৰ মেহতাই কয় যে আমি এদিন বা দুদিনৰ ভিতৰত এই সন্দৰ্ভত শপতনামা দাখিল কৰিম। উচ্চতম ন্যায়ালয়ে কয় যে গৃহ মন্ত্ৰালয়ে ১১ ডিচেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব।