শ্ৰীশঙ্কৰদেৱ সংল্কৃতি সমাজ পুৰী প্ৰকল্পৰ ঊদ্যোগত ৬ আৰু ৭ ডিচেম্বৰত “পুৰী মহোৎসৱ ২০২৩” দুদিনীয়াকৈ উদযাপন কৰা হয়। ৬ ডিচেম্বৰ তাৰিখে ধৰ্মীয় কাৰ্যসূচীৰে উদযাপিত বিভিন্ন অনুষ্ঠানৰ লগতে পুৱা ভাগৱত লৈ উলিয়াই শোভাযাত্ৰা।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা নতুন যাত্ৰী নিবাসৰ আধাৰশিলা স্থাপন কৰে শ্ৰীশঙ্কৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ সভাপতি শ্ৰীযুতা কণিকা পাঠকে। ইয়াৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে। দ্বিতীয় দিনা পুৱা পালনামেৰ অনুষ্ঠানৰ সফল সামৰণি পৰে।