শ্ৰীকিশোৰ তালুকদাৰ, শিক্ষক
ফোন নং-9101941334
“বিদ্যা দদাতি বিনয়ং বিনয়াত যাতি পাত্ৰতাম!
পাত্ৰতাৎ ধনং আপ্নোতি ধনাৎ ধৰ্মঃ ততঃ সুখম”
বহু বছৰ ধৰি শিক্ষকতাৰ দৰে পবিত্ৰ সেৱাত নিয়োজিত হৈ থকাৰ সুযোগতে বিভিন্ন ধৰণৰ আৰ্থ সামাজিক, সাংস্কৃতিক পটভূমিৰ ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত লগ পাই আহিছো। অতি মেধাবী শিক্ষাৰ্থীৰ পৰা পঢ়া শুনাৰ প্ৰতি অনীহা প্ৰকাশ কৰা শিক্ষাৰ্থীক পঢ়োৱাৰ সৌভাগ্য হৈছে ।অসমৰ ভিতৰতে প্ৰৱেশিকা পৰীক্ষাত প্ৰথম স্থান পোৱা শিক্ষাৰ্থীও আমাৰ ছাত্ৰ আছিল।এই যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃৰ সপোন পূৰণ কৰি সমাজ জীৱনৰ চৌদিশে নিজৰ প্ৰতিভাৰ সৌৰভ বিলাই জীৱন ৰসাল আৰু অৰ্থবহ কৰি তোলে ‘ঠিক সেই একে সময়তে কিছুমান ছাত্ৰ ছাত্ৰীয়ে অসুস্থ মানসিকতাৰ বীজ ৰোপন কৰি মাক দেউতাকৰ মনত পৰ্বতসম দুখ যাতনা দিয়াৰ লগতে চাৰিও ফালৰ পৰিবেশ প্ৰদূষিত কৰি পেলায়। ইয়াৰ ৰহস্য বা কাৰণ কি? কিয় এনে প্ৰভেদ?
গড় হিচাপে প্ৰায় ২৯০দিন মাতৃ গৰ্ভত বিকাশ লাভ কৰাৰ পিছত এটা মানৱ শিশু ভূমিষ্ঠ হয়।মাতৃৰ জীৱন প্ৰক্ৰিয়াৰ লগত সংলগ্ন হৈ থকা সময়ৰে পৰা জন্মনাড়ি কাটি দিয়াৰ পিছৰে পৰাই শিশুৰ ওপৰত পৰিবেশে গভীৰ ভাবে প্ৰভাব পেলায়।মাতৃ গৰ্ভত ভ্ৰুণ হিচাপে থকা সময়ৰে পৰা পৰিবেশৰ গভীৰ প্ৰভাব পৰে। সেইবাবে ভ্ৰুণ হিচাপে মাতৃ গৰ্ভত থকা সময়ত ঘৰৰ পৰিবেশ যাতে সুস্থ হয় ভক্তিময় হয় তাৰ বাবে পৰিয়ালৰ প্ৰত্যোকজন সদস্য সজাগ হোৱা উচিত।এনে সময়ত পিতৃ মাতৃৰ সদ্ব্যৱহাৰ সৎ চিন্তাই শিশুৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে।পিতৃ মাতৃৰ অথবা চৌদিশৰ অপ্ৰীতিকৰ আচৰণে মাতৃগৰ্ভৰ ভ্ৰুণত নেতিবাচক প্ৰভাব পেলায়।মাতৃ গৰাকী থকা কোঠালীত ভগৱান তথা মহাপুৰুষৰ ছবি ৰখাৰ লগতে নিতৌ কৰা প্ৰাৰ্থনা তথা পৰিয়ালৰ সদস্যসকলৰ আত্মীক সম্পৰ্কই গৰ্ভস্থ সন্তানৰ ওপৰত যোগাত্মক প্ৰভাব পেলায় ।সাম্প্ৰতিক সময়ত তথাকথিত আধুনিক মনৰ বস্তুবাদী চিন্তা চেতনাৰে সিক্ত কিছু সংখ্যক লোকে ইয়াক বিশ্বাস নকৰিলেও ইয়াত বৈজ্ঞানিক সত্যতা আছে।আমাৰ ভাৰতীয় ঐতিহ্যৰ বেদ ,উপনিষদ আৰু ভাগৱত গীতাত এনেধৰণৰ অনেক কাহিনী আছে ।কয়াধুৰ পুত্ৰ প্ৰহ্লাদে মাতৃ গৰ্ভত থাকোতেই নাৰদৰ পৰা ঈশ্বৰ তত্ত্বৰ জ্ঞান পাইছিল।অভিমন্যুয়ে মাকৰ গৰ্ভত থাকোতেই চক্ৰবেহুৰ জ্ঞান পাইছিল।অষ্টবক্ৰই মাকৰ গৰ্ভৰ পৰাই পিতাকৰ ব্যাকৰণৰ অশুদ্ধি শুদ্ধ কৰি দিছিল। সেইবাবে সন্তান যেতিয়া গৰ্ভাৱস্থাত থাকে তেতিয়াৰ পৰাই মাকে নিজৰ স্বাস্থ্যৰ লগতে মনৰো যতন লব লাগে।
পিতৃ মাতৃৰ প্ৰভাব সন্তানৰ ওপৰত পৰে। আমাৰ ফকৰা যোজনা ডাকৰ বচন পৰম্পৰা আদিত এই বিষয়ে উল্লেখ আছে যেনেঃ বাপ চাই বেটা, মাক ভালেই জীয়েক ভাল।সন্তানৰ প্ৰতি নিস্বাৰ্থ ভালপোৱা মাতৃ হৃদয়ৰ বিশ্বজনীন স্বাভাবিক অনুভূতি।মাক দেউতাকৰ হাতত ধৰিয়েই শিশুৱে জীৱনৰ বাটত প্ৰথম খোজ দিয়ে।গতিকে শিশুক প্ৰকৃত মানৱীয় গুণসম্পন্ন উচিত মাৰ্গ দৰ্শন দেখুৱাই দিওঁতা জন হল মাক- দেউতাক।ইংৰাজীত এষাৰ কথা আছে Charity begins at home .শিশুৰ নৈতিক চৰিত্ৰ গঠন পৰিয়ালৰ পৰাহে আৰাম্ভ হয়।মাক দেউতাকৰ নিকা ভাব মূৰ্তিয়ে শিশুৰ চৰিত্ৰ গঠনত সহায় কৰে।
শিশুক সহজতে হজম হোৱা খাদ্য দিব লাগে।ইয়াৰ উপৰিও সেউজীয়া শাক পাচলি আৰু ফল মূল খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে।মাতৃৰ লখিমী হাতেৰে আলসুৱাকৈ আন্তৰিকতাৰে ৰন্ধা খাদ্যৰ জুটি অমৃত তুল্য।শৈশৱ কালত শিশু মৰম আকলুৱা হয়।মাজে সময়ে শিশুৱে পৰিয়ালৰ লোকৰ পৰা মৰম পাবৰ বাবে মিছা কান্দোনৰ আশ্ৰয় লয়।এই সময় চোৱাত শিশুক পৰ্যাপ্ত পৰিমাণে নিৰাপত্তা প্ৰদান কৰি হৃদয়ৰ মৰমেৰে বান্ধি ৰাখিব লাগে।অতি ব্যস্ততাৰ মাজত থাকিলেও মাক দেউতাকে শিশুক সময় দিব লাগে।মৰম চেনেহে শিশুৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।অনুশাসনৰ নামত শিশুক শাৰীৰিক মানসিক শাস্তি দিয়াটো শিশুৰ স্বাভাবিক বিকাশৰ পৰিপন্থী।
শিশুৰ সৰ্বাংগীন বিকাশত সামাজিক পৰিবেশৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।সমাজ অবিহনে শিশু তথা ব্যক্তিৰ ব্যক্তিত্বৰ গঠন আৰু বিকাশ সাধন হোৱাটো অসম্ভৱ। শিশুসকল অনুকৰণ প্ৰিয়।বিশেষকৈ ডাঙৰক অনুকৰণ কৰে।পৰিয়ালৰ পৰা শিশুসকলে যিখিনি শিকে সমাজৰ লোক সকলৰ পৰাও বহু কথা শিকে।সেইবাবে সমাজৰ প্ৰত্যোক জন ব্যক্তি আদৰ্শবান হোৱাটো প্ৰয়োজন।সমাজত অসুস্থ মানসিকতাৰ লোকৰ পয়োভৰ বেছি হলে শিশুসকলে তেনে পৰিবেশত অনাগত দিনৰ বাবে সুস্থ সৱল ব্যক্তিত্ত্বৰ অধিকাৰী হব নোৱাৰে।সমাজৰ জ্যেষ্ঠ জন সদায় আদৰ্শৰ প্ৰতীক হব লাগে। তেখেত সকলক অনুকৰণ কৰিয়েই নৱ প্ৰজন্মই জীৱনৰ বাটত আগবাঢ়ে।সমাজৰ জ্যেষ্ঠ সকলৰ যদি কোনো ধৰণৰ নৈতিকতা নাথাকে তেনে অশুভ সামাজিক পৰিবেশত শিশুসকলৰ নৈতিক বৌদ্ধিক সামাজিক বিকাশ বাধা প্ৰাপ্ত হোৱাটো স্বাভাবিক কথা।
সাম্প্ৰতিক সময়ত কিছুমান সমাজ ব্যৱস্থাত মূল্যবোধৰ অৱক্ষয় ঘটিছে।নৈতিকতাহীন বিচাৰ বিবেচনা, ডাঙৰৰ কথা অৱমাননা কৰা ,পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধাযুক্ত নোহোৱা আৰু শিক্ষাগুৰুৰ প্ৰতি সন্মান নথকা আদি কাৰ্যকলাপে অপৰিপক্ক শিশুৰ মনত বেয়া ধৰণে ক্ৰিয়া কৰে।এটি সামান্য বীজৰ মাজত প্ৰকাণ্ড গছ এডালৰ সম্ভাৱনা লূকাই থাকে, ঠিক তেনেদৰে প্ৰতিজন শিশুৰ অন্তৰতে ভগৱান প্ৰদত্ত প্ৰতিভা অপ্ৰকাশিত ৰূপত সুপ্ত হৈ থাকিব পাৰে। সেই দিব্য প্ৰতিভা প্ৰকাশিত হয় উপযুক্ত পৰিবেশত। সুস্থ ব্যক্তি আৰু সুস্থ সমাজ দুয়োটাই এটাৰ লগত আনটো সংপৃক্ত হৈ আছে। সেয়েহে সমাজৰ সকলোৱে একত্ৰিত হৈ শিশুসকলৰ বাবে এখন সৰ্বাংগ সুন্দৰ হিংসা- দ্বেষ কপটতাহীন সুস্থ সৱল মানৱতাবোধেৰে উদ্বুদ্ব প্ৰমূল্যবোধেৰে উজ্জীৱিত সত্য সুন্দৰ সমাজ এখন উপহাৰ হিচাপে প্ৰদান কৰোঁ আহক।
(শিৰোনাম বাদ দি মুকলি মঞ্চ শিতানত প্ৰকাশপোৱা লেখা সমূহৰ তথ্য তথা মন্তব্যৰ দায়িত্ব লেখকৰ সম্পূৰ্ণ নিজৰ)