কোৰাণক অপমান কৰিলেই যাব লাগিব জেললৈ! আহি গ’ল কঠোৰ আইন!

এতিয়াৰে পৰা কোৰাণক অপমান কৰিলেই যাব লাগিব জেললৈ! ৰাজহুৱা স্থানত কোৰাণৰ প্ৰতিলিপি জ্বলালে বা ছিঙিলে, বিতৰ্কিত ভিডিঅ প্ৰস্তুত কৰিলে অপৰাধ বুলি গণ্য কৰি বিহা হ’ব কাৰাদণ্ড। লগতে অভিযুক্তই ভৰিব লাগিব জৰিমণা। ইউৰোপৰ এজন দেশে কোৰাণ জ্বলোৱা ঘটনাৰ বিৰুদ্ধে আনিলে কঠোৰ আইন। মুছলমান দেশসমূহৰ তীব্ৰ বিৰোধিতাৰ পিছত কোৰাণ জ্বলোৱা ঘটনা ৰোধ কৰিবলৈ  কঠোৰ আইন প্ৰণয়ণ কৰিলে ডেনমাৰ্কে।

১৭৯ জনীয়া সংসদত ৯৪ টা ভোট লাভ কৰি গৃহীত হয় বিধেয়কখন। একে সময়তে বিধেয়কখনৰ বিৰুদ্ধে ভোট দিলে ৭৭ গৰাকী সাংসদে। নতুন ব্যৱস্থাৰ অধীনত কোৰাণৰ প্ৰতিলিপি জ্বলোৱা বা ছিঙি পেলোৱা, ৰাজহুৱাভাৱে কোৰাণক অপমান কৰি ভিডিঅ’ বনোৱা কাৰ্য নিষিদ্ধ কৰা হৈছে। এই আইন উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা। লগতে বিহা হ’ব দুবছৰলৈ কাৰাদণ্ড।

ডেনমাৰ্কৰ ৰাণী মাৰ্গ্ৰেথৰ সন্মতি পোৱাৰ পিছত আইনত পৰিণত হ’ব বিধেয়কখন। এই মাহত বিধেয়কখনত ৰাণী মাৰ্গ্ৰেথে স্বাক্ষৰ কৰাৰ সম্ভাৱনা। উল্লেখ্য যে এই বছৰ ডেনমাৰ্ক আৰু ছুইডেনৰ কেইবাটাও প্ৰান্তত একাংশ লোকে জ্বলাই দিছিল কোৰাণৰ প্ৰতিলিপি। ইয়াৰ পিছতেই কোৰাণ জ্বলোৱাক লৈ জাঙুৰ খাই উঠিছিল মুছলমান দেশসমূহ। ইৰাকৰ চিয়া সম্প্ৰদায়ৰ প্ৰভাৱশালী ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মুকতাদা আল-সদৰেও ডেনমাৰ্কক কঠোৰ ব্যৱস্থা লবলৈ আহ্বান জনাইছিল। ২১ জুলাইৰ পৰা ২৪ অক্টোবৰৰ ভিতৰত ডেনমাৰ্কত ৪৮৩ টা কোৰাণ জ্বলোৱা ঘটনা সংঘটিত হৈছে। এনে ধৰণৰ ঘটনা আৰু মুছলমান দেশসমূহৰ দাবী অনুসৰি কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হল ডেনমাৰ্ক চৰকাৰ।

Comments (0)
Add Comment