গভীৰ নিশা চিকিৎসালয়ত ভৰ্তি তেলেংগানাৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰ। ISHAN NEWS…

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পুৱতি নিশা প্ৰায় ২ বজাত তেওঁক হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসকে সন্দেহ কৰিছে যে ৬৯ বছৰীয়া কেচিআৰৰ নিতম্বৰ হাড় ভাঙি যোৱাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে।

জানিব পৰা মতে, তেলেংগানা বিধানসভা নিৰ্বাচনত কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ) ৰ পৰাজয়ৰ পিছৰে পৰা বিগত তিনিদিন ধৰি তেওঁ নিজৰ ঘৰত ৰাইজক সাক্ষাৎ কৰি আহিছিল। কিন্তু ইয়াৰ মাজতে বৃহস্পতিবাৰে নিজৰ ঘৰত হঠাতে পৰি যায় আৰু শুকুৰবাৰে পুৱতি নিশা তেওঁক হায়দৰাবাদৰ যশোদা চিকিৎসালয়লৈ লৈ যোৱা হয়।

অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’লেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শাৰিৰীক অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২০১৪ চনৰ পৰা ২০২৩ চনলৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকা কেচিআৰ নেতৃত্বাধীন বি আৰ এছে এইবাৰ কংগ্ৰেছৰ হাতত বিধ্বস্ত হৈছে।

১১৯ খন আসনৰ বাবে হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ৬৪ খন আসন লাভ কৰাৰ বিপৰীতে বি আৰ এছে ৩৯ খন আসনতে সীমাবদ্ধ থাকে।

বি আৰ এছৰ মুৰব্বী কেচিআৰে দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও গজৱেল সমষ্টিৰ পৰাহে জয়ী হ’বলৈ সক্ষম হয়।   

Comments (0)
Add Comment