১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাইছিল ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’। মুক্তিৰ পিছৰে পৰা ছবিখনে ইটোৰ পিছত সিটোকৈ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰু উপাৰ্জনৰ ক্ষেত্ৰতো ইতিহাস ৰচিবলৈ সক্ষম হৈছে।
৮ দিন পূৰ্বে মুক্তি পোৱা ছবিখন ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হৈছে। ঘৰুৱা বক্স অফিচত ৰণবীৰ কাপুৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে ‘এনিমেল’।
‘এনিমেল’ প্ৰতিদিনে কোটি কোটি টকাৰ ব্যৱসায় কৰি আছে। সেকনিল্কৰ প্ৰতিবেদন অনুসৰি সপ্তম দিনৰ উপাৰ্জনৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ ৩৩৮.৪৫ কোটি টকা হৈছে।
এতিয়া অষ্টম দিনৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ছবিখনে এতিয়ালৈকে ৫.৮৭ কোটি টকা উপাৰ্জন কৰিছে আৰু ইয়াৰ লগে লগে ‘এনিমেল’ৰ মুঠ সংগ্ৰহ ৩৪৪.৩২ কোটি টকা হৈছে।
উপাৰ্জনৰ ক্ষেত্ৰত ঘৰুৱা বক্স অফিচত ৩৪৪ কোটি টকা উপাৰ্জনেৰে ৰণবীৰ কাপুৰৰ ব্লকবাষ্টাৰ ছবি ‘সঞ্জু’ক অতিক্ৰম কৰিছে ‘এনিমেল’।
৩৪২.৫৭ কোটি টকা সংগ্ৰহেৰে ‘সঞ্জু’ ৰনবীৰ কাপুৰৰ কেৰিয়াৰৰ এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা ছবি আছিল। কিন্তু এতিয়া ‘এনিমেল’-এ ‘সঞ্জু’ক অতিক্ৰম কৰি নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
উল্লেখ্য যে ‘এনিমেল’ ছবিখনে বিশ্বজুৰি ৫৫০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছে আৰু বিশ্বজুৰি ৫৮৮.৫০ কোটি টকা উপাৰ্জন কৰা ‘সঞ্জু’ৰ অভিলেখ ভংগ কৰাৰ ওচৰ চাপিছে।
সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ‘এনিমেল’ ছবিখনত ৰণবীৰ কাপুৰক এক উগ্ৰ আৰু বেলেগ ৰূপত দেখা গৈছে। ছবিখনত পিতৃ-পুত্ৰৰ সম্পৰ্কক আকৰ্ষণীয় কিন্তু বিপদজনক ৰূপত দেখুওৱা হৈছে।
ৰণবীৰৰ লগতে অনিল কাপুৰ, ৰশ্মিকা মান্দান্না আৰু ববি দেওলৰ বিশেষ ভূমিকাও আছে ছবিখনত।