ঘাতক হব পাৰে বিষৰ টেবলেট! ভাৰত চৰকাৰৰ সতৰ্কবাণী

বিষ অনুভৱ কৰিলেই আপুনি তাত্ক্ষণিকভাৱে পেইনকিলাৰ খায় নেকি?  আপোনাৰ বাবে ঘাতক হ’ব পাৰে পেইনকিলাৰ। বিষ হ’লে পেইনকিলাৰ খোৱাৰ অভ্যাস থাকিলেই এতিয়াই পৰিত্যাগ কৰক। এবিধ পেইলকিলাৰ টেবলেটক লৈ ভাৰত চৰকাৰে দিছে সতৰ্কবাণী। এই বিষৰ টেবলেট খাই ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি।

ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগ চমুকৈ আইপিচি-এ এবিধ বিষৰ টেবলেটক লৈ এলাৰ্ট জাৰি কৰিছে। পেইনকিলাৰ মেফটল খোৱাৰ পূৰ্বে সাৱধান হবলৈ আহ্বান জনাইছে আইপিচি-এ। এইবিধ টেবলেটৰ ফলত শৰীৰত দেখা দিব পাৰে পাৰ্শ্বক্ৰিয়া। তেজ সম্বন্ধীয় ৰোগত আক্ৰান্ত হ’ব পাৰে আপুনি। এই পেইনকিলাৰৰ পৰা শৰীৰত এলাৰ্জিয়ে দেখা দিব পাৰে। ঔষধ গ্ৰহণ কৰাৰ ২ৰ পৰা ৮ সপ্তাহৰ ভিতৰত দেখা দিব পাৰে ছালৰ বিভিন্ন সমস্যাই।

উল্লেখ্য যে এই ঔষধটো সাধাৰণতে ঋতুস্ৰাৱ আৰু আৰ্থ্ৰাইটিছত বিষৰ উপশম কৰিবলৈ দিয়া হয়। ইয়াক জ্বৰ আৰু দাঁতৰ বিষতো দিয়া হয়। মূৰৰ বিষ, আঁঠুৰ বিষৰ বাবে বহুলোকে সেৱন কৰে এইবিধ টেবলেট। শিশুৰ তীব্ৰ জ্বৰ হলে চিকিত্সকে এইবিধ ঔষধ প্ৰদান কৰে। 

Comments (0)
Add Comment