মমবাতি প্ৰস্তুত কৰা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ৬ জনৰ মৃত্যু, ১০ জন আহত

মহাৰাষ্ট্ৰৰ পুনে জিলাৰ পিম্পৰী চিঞ্চৱাড অঞ্চলত শুকুৰবাৰে মমবাতি প্ৰস্তুত কৰা এটা কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০ জন লোক গুৰুতৰভাৱে আহত হয়।

পিম্পৰী-চিঞ্চৱাড পৌৰ নিগমৰ আয়ুক্ত শেখৰ সিঙে জনোৱা মতে, তালৱাড়াস্থিত কাৰখানাটোত দিনৰ প্ৰায় ২.৪৫ বজাত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে তথ্য লাভ কৰিছিল।

শেখৰ সিঙে কয়, ‘জুই নিৰ্বাপন কৰা হৈছে। অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে’।

পিম্পৰী চিঞ্চৱাদ পৌৰ নিগমৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ এগৰাকী বিষয়াই জনোৱা মতে, ওচৰৰ ইউনিটৰ এগৰাকী মালিকে অগ্নিনিৰ্বাপক বাহিনীক এই বিষয়ে অৱগত কৰাৰ পিছত এটা দলে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰি আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বিষয়াগৰাকীয়ে লগতে কয় যে অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হোৱা ৬গৰাকী লোকৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই। ইয়াৰ বিপৰীতে ৯গৰাকী মহিলাসহ ১০ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।

জানিব পৰা মতে, এই কাৰখানাটোত সাধাৰণতে জন্মদিন উদযাপনত ব্যৱহাৰ কৰা মমবাতি তৈয়াৰ কৰা হয়।

ইফালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে এই ঘটনাত দুখ প্ৰকাশ কৰি ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Comments (0)
Add Comment