ন্যায়-অন্যায়ৰ দোমোজাত থকা অসমৰ ইতিহাসৰ কলা অধ্যায়ক সাঙুৰি নিৰ্মিত পৰিচালক পাৰ্থজিৎ বৰুৱাৰ “নেলীৰ কথা”ই মুক্তি লাভ কৰিলে ছবিগৃহত । ৮ ডিচেম্বৰত ৰাজ্যৰ ১৭ টাকৈ ছবিগৃহত মুক্তি লাভ কৰিলে ছবিখনে ।
১৯৮৩ চনৰ সংবেদনশীল সময়ৰ জীৱন্ত কাহিনী ‘নেলীৰ কথা’ । পূৰ্বৰ নগাওঁ তথা বৰ্তমানৰ ‘মৰিগাওঁ জিলা’ৰ নেলীত সংঘটিত হোৱা কৰুণ কাহিনীক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ছবি খনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱাই । অন্যান্য চৰিত্ৰত আছে,স্বাগতা ভৰালী,ৰন্তী ৰাভা,ধনঞ্জয় দেৱনাথ,মহেন্দ্ৰ দাস,সুদৰ্শন নাথকে ধৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতাই । চানলিষ্ট ষ্টুডিঅৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা,কাহিনী,চিত্ৰনাট্য আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ । ছবিখনৰ ফটোগ্ৰাফীৰ দায়িত্বত সুমন দুৱৰাৰ । চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে দেৱজিত গায়নে ।
ইতিমধ্যে,দেশ-বিদেশৰ বহু কেইখন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ‘নেলীৰ কথা’ছবি খনে দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী ছবিখনৰ সৈতে জৰিত কলা-কুশলী সকল ।