বিষ্ণুদেৱ সায় হ’ব  ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী। কোন এই বিষ্ণুদেৱ সায় ? ishan news…

ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ চলি আছিল জল্পনা-কল্পনা। সকলো চিন্তা-চৰ্চাৰ অৱসান ঘটনাই অৱশেষত ঘোষণা হ’ল ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম। বিষ্ণুদেৱ সায় হ’ব ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী। বিজেপিৰ বিধায়িনী বৈঠকৰ অন্তত শীৰ্ষ নেতৃত্বই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ নাম।

কোন এই বিষ্ণুদেৱ সায়

বিষ্ণুদেৱ সায় ছত্তীশগড়ৰ কুনকুৰি সমষ্টিৰ পৰা বিধায়ক হিচাপে জয়লাভ কৰিছে। ২৫ হাজাৰতকৈ অধিক ভোট জয়ী হৈ তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে বিষ্ণুদেৱ সায়। আনহাতে তেওঁ দুবাৰকৈ সাংসদ হ’বলৈ সক্ষম হৈছিল। বিষ্ণু দেৱ চাই ৰায়গড় লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী  হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনত  তেওঁ ছত্তীশগড় বিজেপিৰ ৰাজ্যিক সভাপতিৰো দায়িত্ব পালন কৰে। ইয়াৰ উপৰিও তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰো সদস্য। ছত্তীশগড় গঠন হোৱাৰ পূৰ্বে তেওঁ সংযুক্ত মধ্য প্ৰদেশ বিধান সভাতো বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

Comments (0)
Add Comment