টি-২০ বিশ্বকাপত অধিনায়ক হিচাপে ৰোহিত শৰ্মাই ভাৰতীয় দলক নেতৃত্ব দিব নে ? তাক লৈ নাই কোনো নিশ্চয়তা । টি-২০ বিশ্বকাপত ৰোহিত শৰ্মা অধিনায়ক হব নে নাই তাক লৈ BCCI ৰ সচিব জয় শ্বাহে কৰিছে বিশেষ মন্তব্য । জয় শ্বাহৰ মন্তব্যই ৰোহিত শৰ্মাৰ হাজাৰ হাজাৰ অনুৰাগীক কৰিছে হতাশ ।
টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মাক দ্বায়িত্ব দিব নে নাই ? তাক লৈ কোনো স্পষ্ট মন্তব্য নিদিলে জয় শ্বাহে । হয়টো ৰোহিত শৰ্মা ভাৰতীয় দলত থাকিব নে নাই তাৰো নাই কোনো গ্যেৰান্টি ।
সাংবাদিকৰ এক প্ৰশ্নত জয় শ্বাহে মন্তব্য কৰে যে-“টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়কৰ নামক লৈ বৰ্তমান কোনো স্পষ্টতাৰ প্ৰয়োজন নাই । ২০২৪ ৰ জুন মাহত টি-২০ বিশ্বকাপ, বিশ্বকাপৰ পূৰ্বে আমাৰ খেলুৱৈসকলে IPL আৰু আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব ।” এনে পৰিপ্ৰেক্ষিতত বিশ্বকাপত দলৰ অধিনায়ক কোন হ’ব সেই প্ৰশ্নক লৈ মুঠেই আগ্ৰহী নহয় BCCI ৰ সচিব জয় শ্বাহ ।
ইয়াৰ পাছতে এতিয়া চৌদিশে চলিছে চৰ্চা যে আগন্তুক টি-২০ বিশ্বকাপৰ ভাৰতীয় দলত বিশেষকৈ গুৰুত্ব দিয়া হব পাৰে যুৱ ক্ৰিকেটাৰ সকলক । ৰোহিত শৰ্মাকে ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব দিব যে তাৰ নাই কোনো গ্য়েৰান্টি।