গাজাক লৈ ভাৰতৰ চিন্তা! পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিলে ভাৰতৰ বিদেশমন্ত্ৰীয়ে

ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত ধ্বংসস্তুপত পৰিণত হৈছে গাজা। গাজাত চলি থকা ইজৰাইলী সেনাৰ আক্ৰমণত উদ্বিগ্ন ভাৰত। হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধ অব্যাহত থকাৰ মাজতে পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী মহম্মদ শতয়েহৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হল ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। এই বাৰ্তালাপৰ জৰিয়তে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে গাজা আৰু ৱেষ্ট বেংকৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বুজ লয়।

ছচিয়েল মিডিয়া X-ৰ জৰিয়তে এই সন্দৰ্ভত এছ জয়শংকৰে তথ্য সদৰী কৰি গাজাৰ প্ৰতি দুখ ব্যক্ত কৰে। দুয়োগৰাকী নেতাই বাৰ্তালাপত ভাৰত আৰু পেলেষ্টাইনৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা দোহাৰে। লগতে পেলেষ্টাইনৰ প্ৰতি ভাৰত একে স্থিতিত আছে বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে ১৯ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছিল। বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীয়ে পেলেষ্টাইনৰ জনসাধাৰণক মানৱীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল।যোৱা দুমাহ ধৰি ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ চলি আছে। এতিয়ালৈকে এই যুদ্ধত ১৬ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে আনহাতে ৪০ হাজাৰৰো অধিক লোক আহত হৈছে।

Comments (0)
Add Comment