এগৰাকী মহিলাৰ চকুৰ পৰা ওলাই আহিল ৬০ টাকৈ জীৱন্ত পোক! অবিশ্বাস্য যেন লাগিলেও বাস্তৱত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীৰ চকু দুটা বহুদিন ধৰি খজুৱাই আছিল। খজুৱতিটো ইমানেই অস্বস্তিকৰ আছিল যে মহিলাগৰাকীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। খজুৱতিৰ পৰা সকাহ পাবলৈ চকুদুটা আঙুলিৰে ঘঁহি দিওঁতে চকুৰ পৰা সৰু সৰু পোক সৰি পৰা দেখিছিল মহিলাগৰাকীয়ে। লগে লগে মহিলাগৰাকীয়ে কাষ চাপিল চিকিত্সকৰ। বহু পৰীক্ষাৰ অন্তত চিকিৎসকে মহিলাগৰাকীৰ চকু আৰু চকুৰ পতাৰ মাজৰ স্থানত জীৱন্ত পোকে বাস বন্ধা বুলি নিশ্চিত হয়।চিকিত্সাৰ অন্তত মহিলাগৰাকীৰ দুয়োটা চকুৰ পৰা ৬০ টাতকৈও অধিক পোক আঁতৰ কৰে চিকিত্সকৰ দলে।
মহিলাগৰাকীয়ে জনোৱা মতে, কিছুদিন পূৰ্বে মহিলাগৰাকীৰ চকুত এটা পৰজীৱী পেলু পৰিছিল। তেতিয়াৰ পৰাই মহিলাগৰাকীৰ দুচকুত খজুৱতি আৰম্ভ হয়। উল্লেখ্য যে কৃমি বা পেলুক পৰজীৱী বুলি কোৱা হয়। তেনেক্ষেত্ৰত চকুৰ দৰে স্পৰ্শকাতৰ অংগত পৰজীৱীয়ে বাহ বন্ধাটো অতি ভয়ংকৰ কথা। সাধাৰণতে এইবিধ পৰজীৱী মাখিৰ কামোৰৰ পৰা মানুহৰৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। কিন্তু মহিলাগৰাকীয়ে কয় যে এই পৰজীৱী কুকুৰ বা মেকুৰীৰ পৰা তেওঁলৈ আহিছে। অস্ত্ৰোপচাৰ কৰা ডাঃ গুয়ানে কয় যে মহিলাগৰাকীৰ চকুৰ পতা আৰু চকুৰ মণিৰ মাজত পৰজীৱীয়ে বাহ বন্ধাটো অতি বিৰল ঘটনা। চীনত সংঘটিত এই ঘটনাই দখল কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম।